গুৱাহাটী, ৪ অক্টোবৰঃ বলীউডৰ অভিনেত্ৰী ছোহা আলী খানৰ সোমবাৰে ৪৩ তম জন্মদিন উদযাপন কৰে। ইপিনে, পৰিয়ালৰ সদস্য তথা আত্মীয় আৰু শুভাকাংক্ষীকে ধৰি লাখ লাখ লোকে ছোহা আলী খানক জন্মদিনৰ শুভেচ্ছা জনাইছে। কিন্তু কৰীণা কাপুৰ খানে তেওঁৰ ননদ ছোহাক সামাজিক মাধ্যমত অলপ বিশেষ ধৰণে জন্মদিনৰ শুভেচ্ছা জনাইছে।
তেওঁৰ শুভকামনাত, কৰীণা কাপুৰ খানে চেইফ আলী খানৰ ভগ্নীৰ বিষয়ে এটি বিশেষ কথা প্ৰকাশ কৰিছে, যাৰ বিষয়ে কেৱল কমসংখ্যক লোকেহে জ্ঞাত।
কৰীণা কাপুৰ খানে ছোহা আৰু কুনালৰ বিবাহৰ ফটো শ্বেয়াৰ কৰি আৰু শিৰোনামটোত লিখিছিল যে, "যেতিয়া মই প্ৰথমবাৰৰ বাবে মালদ্বীপত তেওঁৰ সৈতে বন্ধৰ দিন উপভোগ কৰিব গৈছিলো, তেতিয়া মই ছোহাক বনোৱা মুৰ্গীৰ মাংস গিলাচত থকা পানীত ধুই (মচলা আঁতৰাবলৈ) আৰামেৰে খোৱা দেখিছিলো। মই আজিলৈকে এনেকুৱা কোনো লোকে কৰা দেখা নাছিলো। তেওঁ সঁচাকৈয়ে এক বিশেষ মহিলা।"
Comments