Choose Language

  • All  
  • English
  • অসমীয়া
0
0
6378

সৌন্দর্য্য বৃদ্ধিৰ বাবে বাহিৰলৈ ফুৰিবলৈ যোৱাৰ পূৰ্বে এই ৬ টা পদ্ধতিৰে পৰিস্কাৰ কৰক মুখখন


Published on October 7, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

মধুমেহ ৰোগীয়ে এই সময়ত গ্ৰহণ কৰক পুৱাৰ আহাৰ, নিয়ন্ত্রণত থাকিব ৰক্ত শৰ্কৰাৰ স্তৰ: অধ্যয়ন


Published on October 6, 2021|News Source : অৰূপ ডেকা


গুৱাহাটী, ৬ অক্টোবৰঃ মধুমেহ হৈছে এনে এক ৰোগ যি এবাৰ কোনোবা লোক আক্রান্ত হ'লে, গোটেই জীৱনটো তেওঁলোকে আহাৰৰ প্ৰতি সাৱধানতা অৱলম্বন কৰি চলিব লগা হয়। ইয়াৰ ক্ষেত্রত যিকোনো অৱহেলাই স্বাস্থ্যত গুৰুতৰভাৱে প্ৰভাৱ পেলাব পাৰে। সাধাৰণতে মানুহৰ খোৱা-বোৱাৰ বাবে একে সময় নাথাকে। বিশেষকৈ পুৱাৰ আহাৰ, অৰ্থাৎ পুৱাৰ প্ৰথম আহাৰ। আপোনালোকে সকলোৱে জনাটো উচিত যে পুৱাৰ প্ৰথম আহাৰ স্বাস্থ্যৰ বাবে কিমান গুৰুত্বপূৰ্ণ।

কিন্তু বেছিসংখ্যক মধুমেহ ৰোগীয়ে নাজানে যে পুৱাৰ আহাৰ গ্ৰহণ কৰাৰ সঠিক সময় কি? যদি আপুনি এজন মধুমেহ ৰোগী আৰু পুৱাৰ আহাৰৰ কোনো সময় নিৰ্ধাৰণ কৰা হোৱা নাই, অথবা আপোনাৰ ওচৰত ইয়াৰ বিষয়ে কোনো তথ্য নাই, তেনেহ'লে শেহতীয়াকৈ প্ৰকাশিত হোৱা অধ্যয়নটোৱে আপোনাক বাৰুকৈয়ে সহায় কৰিব। এই অধ্যয়নটোত মধুমেহ ৰোগীৰ পুৱাৰ আহাৰৰ সময়ৰ বিষয়ে সঠিকভাৱে উল্লেখ কৰা হৈছে। 

শেহতীয়াকৈ প্ৰকাশ পোৱা এই নতুন অধ্যয়নত দেখা গৈছে যে যিসকলে এটা নিৰ্দিষ্ট সময়ত পুৱাৰ আহাৰ গ্ৰহণ কৰে তেওঁলোকৰ মধুমেহ ৰোগীত আক্রান্ত হোৱাৰ কোনোধৰণৰ সম্ভাৱনা নাই। এই গোটেই অধ্যয়নটো নৰ্থৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ দ্বাৰা কৰা হৈছে। অধ্যয়নটো শেহতীয়াকৈ এণ্ডোক্ৰাইন চছাইটিৰ বাৰ্ষিক সভাত বিশ্লেষণ কৰা হৈছিল।

অধ্যয়নটো প্ৰায় ১০,৫৭৫ জন লোকৰ ওপৰত কৰা হৈছিল। অধ্যয়নটোৱে মানুহৰ আহাৰৰ তথ্য, উপবাসত থকা সময়ৰ গ্লুকোজ আৰু ইনচুলিন জৰীপ কৰিছিল। অধ্যয়নটোৱে প্ৰকাশ কৰিছিল যে পুৱাৰ আহাৰৰ সময়ে ৰক্ত শৰ্কৰাৰ স্তৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। গৱেষকসকলৰ মতে, যিসকলে ৰাতিপুৱা প্ৰায় ৮:৩০ বজাত ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিছিল, তেওঁলোকৰ ৰক্ত শৰ্কৰাৰ পৰিমাণ পুৱা পলমকৈ আহাৰ গ্ৰহণ কৰা লোকসকলৰ তুলনাত যথেষ্ট কম দেখা গৈছিল, লগতে ৰক্ত শৰ্কৰাৰ স্তৰ আৰু প্ৰতিৰোধ ব্যৱস্থা উন্নত অৱস্থাত থকা দেখা গৈছিল।
 


Published on January 1, 1970|News Source :
Cartoon
View Older

 

October 20, 2021


Entertainment
View Older


From Our Archive

Create Account