গুৱাহাটী, ৭ অক্টোবৰ:উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে উত্তৰ প্ৰদেশ চৰকাৰক লখিমপুৰ খেৰী্ত হিংসাৰ গোচৰৰ এজাহাৰত নাম থকা অভিযুক্ত সকল কোন আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে নে নাই সেই বিষয়ে শুকুৰবাৰে ন্যায়লয়ক অৱগত কৰিবলৈ নিৰ্দেশ দিয়ে।
মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ নেতৃত্বত আৰু ন্যায়াধীশ সূৰ্য কান্ত আৰু হিমা কোহলীক লৈ গঠিত এখন বিচাৰপীঠে উত্তৰ প্ৰদেশৰ অতিৰিক্ত অধিবক্তা জেনেৰেল গৰিমা প্ৰসাদক সুধিছিল, "আমি জানিব বিচাৰিছো অভিযুক্ত সকল কোন আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে নে নাই। আপোনালোকে এই বিষয়টোৰ ওপৰত সঠিকভাৱে অনুসন্ধান কৰা নাই"।
অধিবক্তা শিৱ কুমাৰ ত্ৰিপাঠী আৰু চি এছ পাণ্ডাৰ দ্বাৰা লিখিত এখন পৃথক পত্ৰত কোৱা হৈছে যে: "উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত কৃষকসকলৰ হত্যাৰ সন্দৰ্ভত, সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি বিষয়টোত হস্তক্ষেপ কৰাটো এই মাননীয় ন্যায়ালয়ৰ দায়িত্ব।"
উকীলসকলেও দাবী কৰিছিল যে হিংসা দেশৰ ৰাজনৈতিক সংস্কৃতিত পৰিণত হৈছে, আৰু হিংসা জৰ্জৰিত উত্তৰ প্ৰদেশত আইনৰ শাসন সুৰক্ষিত কৰাৰ প্ৰয়োজন আছে, যিটো সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ পৰা স্পষ্ট হৈ পৰিছে।লখিমপুৰ খেৰীত কৃষকৰ প্ৰতিবাদৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাত চাৰিজন কৃষকসহ ৯ জন লোক নিহত হৈছিল।
Comments