গুৱাহাটী, ৭ অক্টোবৰঃ সাধাৰণতে কোৱা হয় যে, মানুহে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে যিকোনো ক্ষেত্ৰতে সফল হ'ব পাৰে। ঠিক তেনেদৰে পেট্ৰ'ল পাম্পত কাম কৰা এইগৰাকী ব্যক্তিৰ জীয়ৰীয়ে নিজৰ সপোনক বাস্তৱত পৰিণত কৰি দেখুৱাবলৈ সক্ষম হৈছে। পেট্ৰ'ল পাম্পৰ কৰ্মচাৰীৰ জীয়ৰী আৰিয়াই তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বলত আইআইটি কানপুৰত অধ্যয়ন কৰিবলৈ স্থান লাভ কৰিছে।
ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডৰ অধ্যক্ষ শ্ৰীকান্ত মাধৱ বৈদ্যই এই বিষয়ে সামাজিক মাধ্যমযোগে সকলোকে জনায়। বৈদ্যই টুইটাৰত এখন ফটো শ্বেয়াৰ কৰি লিখিছিল, 'মই ইণ্ডিয়ান অইল পেট্ৰ'ল পাম্পত কাম কৰা ৰাজাগোপালনৰ কন্যা আৰিয়াৰ প্ৰেৰণাদায়ক কাহিনী ভাগ বতৰা কৰিবলৈ পাই অতিকৈ সুখী হৈছো।
আৰিয়াই আইআইটি কানপুৰত স্থান লাভ কৰি আমাক গৌৰৱান্বিত কৰিছে। আৰিয়াৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।" ইপিনে, শ্ৰীকান্ত মাধৱ বৈদ্যৰ পোষ্টত সকলোৱে মন্তব্য প্ৰদান কৰিছে আৰু আইআইটিত যোগদান কৰা আৰিয়াক শুভেচ্ছা বাৰ্তাৰে উৎফুল্লিত কৰিছে।
Comments