গুৱাহাটী, ৬ অক্টোবৰঃ টি মুইভাকে ধৰি নেশ্যনেল ছ’চিয়েলিষ্ট কাউন্সিল অফ নগালিম (ইচাক-মুইভা)ৰ জ্যেষ্ঠ নেতাসকলে দশক পুৰণি নগা সমস্যা সমাধানৰ বাবে কেন্দ্ৰৰ সৈতে পুণৰ আলোচনা কৰিবলৈ বুধবাৰে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত গৈ উপস্থিত হয়।
ইপিনে, নগা নেতাসকলে বুধবাৰে গৃহ মন্ত্ৰালয়ৰ উপদেষ্টা তথা চোৰাংচোৱা ব্যুৰোৰ প্ৰাক্তন বিশেষ সঞ্চালক অক্ষয় কুমাৰ মিশ্ৰ আৰু গৃহ মন্ত্ৰালয়ৰ উত্তৰ-পূবৰ অতিৰিক্ত সচিব পীয়ুষ গোৱেলক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে বুলি এক বিশেষ সূত্ৰযোগে জানিব পৰা গৈছে।
বৈঠকৰ সময়ত, কেন্দ্ৰই নগা নেতাসকলক পৃথক পতাকা আৰু সংবিধানৰ দাবী প্ৰত্যাহাৰ কৰাৰ লগতে দীৰ্ঘদিন ধৰি নগা নেতাসকল অটল হৈ থকা বিষয়টোৰ মীমাংসা কৰিবলৈ চেষ্টা কৰিব বুলি প্ৰকাস্হ কৰে।
আনহাতে, কেন্দ্ৰ আৰু নগা নেতাসকল উভয়ে এই বছৰৰ শেষৰ ফালে এই দীৰ্ঘদিনীয়া সমস্যাটোপ সৌহাৰ্দ্যপূৰ্ণ ভাৱে সমাধান কৰিবলৈ আগ্ৰহী হোৱাৰ ইংগিত দিছে বুলি এগৰাকী চৰকাৰী বিষয়াই জানিবলৈ দিয়ে।
Comments