গুৱাহাটী, ৬ অক্টোবৰঃ পৃথিৱীৰ বহুসংখ্যক লোকে বহুতো প্ৰত্যাহ্বানৰ মাজেৰে অসম্ভৱ কামকো সম্ভৱ কৰি তুলিছে। ঠিক তেনে এজন ব্যক্তি হৈছে পল আলেকজেণ্ডাৰ। আমেৰিকাৰ লেখক পলক বিগত ৬০ বছৰ ধৰি এটা যন্ত্ৰৰ ভিতৰত আৱদ্ধ কৰি ৰখা হৈছে আৰু যন্ত্ৰটোৰ ভিতৰত পৰি থাকি আইন অধ্যয়ন কৰাৰ লগতে এখন অনুপ্ৰেৰণামূলক কিতাপ লিখি উলয়াইছে। যদিও পলৰ বাবে চলাচল কৰাটো বৰ কঠিন। তেওঁ প্লাষ্টিকৰ লাঠিৰে দূৰৱৰ্তী কী-বৰ্ড চলাই এই কিতাপখন লিখিছে।
পল ৬ বছৰ বয়সত পলিঅ'ত আক্রান্ত হৈছিল আৰু এতিয়া তেওঁ ৭৫ বছৰ বয়স অতিক্ৰম কৰিছে। যেতিয়া তেওঁ পলিঅ'ত আক্রান্ত হৈ কঠিন জীৱন যাপন কৰি আছিল, তেতিয়া তেওঁ খোজ কঢ়া, খোৱা-বোৱা একো কাম কৰিব পৰা নাছিল। তেতিয়া পৰীক্ষা কৰি দেখা গৈছিল যে পলিঅ'ই তেওঁৰ হাঁওফাঁওত সমস্যাৰ সৃষ্টি কৰিছে আৰু ইয়াৰ বাবে তেওঁ ভালদৰে উশাহ ল'ব পৰা নাছিল। তাৰ পিছত, তেওঁৰ জীয়াই থকাৰ একমাত্ৰ সমল আছিল, এটি লোহাৰ হাঁওফাঁওৰ (Iron Lung) সহায়ত উশাহ লোৱা। কিন্তু ২০ বছৰৰ পাছতো পল আৰোগ্য নোহোৱাত, চিকিৎসকসকলে তেওঁক গোটেই জীৱনৰ বাবে একেটা যন্ত্ৰত আৱদ্ধ কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
এনে কঠিন পৰিস্থিতিটো পলে যন্ত্ৰৰ ভিতৰতে আৱদ্ধ হৈ পঢ়া শুনা সম্পূৰ্ণ কৰে৷ ইপিনে, পলে প্লাষ্টিকৰ লাঠিৰ সহায়ত কী-বৰ্ড চলাই কিতাপখন সম্পূৰ্ণ কৰিবলৈ ৮ বছৰ সময় লৈছিল। পলৰ দৰে পৃথিৱীত বহুলোকে লোহাৰ হাঁওফাঁও (Iron Lung) ব্যৱহাৰ কৰিছিল, কিন্তু এই মুহূৰ্তত পলেই হৈছে পৃথিৱীৰ একমাত্ৰ ব্যক্তি, যি এতিয়াও এনেদৰে জীয়াই আছে।
Comments