গুৱাহাটী, ৭ অক্টোবৰ : উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীৰ হিংসাত্মক ঘটনাক লৈ সম্প্ৰতি সমগ্ৰ দেশতে তীব্ৰ উত্তেজনা অব্যাহত আছে । দেওবাৰে সংঘটিত হিংসাত্মক ঘটনাটোত চাৰিজন কৃষকসহ আঠজন লোকৰ মৃত্যু হৈছিল । ইতিমধ্যে ৰাজ্যখনত বিভিন্ন দল সংগঠনে এই ঘটনাৰ ন্যায়িক তদন্তৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে । বুধবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ঘটনাত মৃত কৃষকৰ পৰিয়ালক সাক্ষাৎ কৰে ।
পঞ্জাৱ আৰু ছট্টিশগড়ৰ মুখ্যমন্ত্ৰীদ্বয়েও ভুক্তভোগী পৰিয়ালৰ কাষত থিয় দিছে লগতে হিংসাৰ সময়ত নিহত হোৱা এগৰাকী সাংবাদিকৰ পৰিয়ালক ৫০ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথাও ঘোষণা কৰিছে । ইয়াৰ মাজতে বৃহস্পতিবাৰে দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে লখিমপুৰ খেৰীৰ গোচৰৰ শুনানি গ্ৰহণ কৰিব ।কেন্দ্ৰীয় মন্ত্ৰীৰ কনভয়ে কেনেদৰে চাৰিগৰাকী প্ৰতিবাদীকাৰী কৃষকক মহতিয়াই নিছিল আৰু তাৰ পাছত সৃষ্টি হোৱা হিংসাত্মক ঘটনাত চাৰিজন লোকৰ কেনেদৰে মৃত্যু হৈছিল । এই সকলো বিষয় বুধবাৰে উচ্চতম ন্যায়ালয়ে স্বতঃস্ফূৰ্ত ভাৱে বিবেচনা কৰে । বিষয়টো "আদালতৰ প্ৰস্তাৱৰ দ্বাৰা লেটাৰ পেটিচন এণ্ড পিআইএল মেটাৰ্ছ শ্ৰেণীত পঞ্জীয়ন কৰা হৈছে আৰু বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশ এন ভি ৰমনা আৰু ন্যায়াধীশ সূৰ্য কান্ত আৰু হিমা কোহলীৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰিব।
Comments