গুৱাহাটী,৭ অক্টোবৰ:নাৰ্ক'টিক্স কণ্ট্ৰ'ল ব্যুৰ'ৰ মুম্বাইৰ আঞ্চলিক পৰিচালক সমীৰ ৱানখেডেৰ পত্নী ক্ৰান্তি ৰেডকাৰ এগৰাকী অভিনেত্ৰী। সৌন্দৰ্যৰ ক্ষেত্ৰত, ক্ৰান্তি ৰেডকাৰে ডাঙৰ ডাঙৰ নায়িকাসকলকো চেৰ পেলাইছে।
ক্ৰান্তি ৰেডকাৰ (ক্ৰান্তি ৰেডকাৰ ৱানখেডে) মুম্বাইৰ স্থায়ী বাসিন্দা। তেওঁ মুম্বাইত জন্ম গ্ৰহণ কৰিছিল আৰু ডাঙৰ দীঘল হৈছিল। তেওঁ কাৰ্ডিনেল গ্ৰেচিয়াছ হাইস্কুলৰ পৰা প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰে৷ তেওঁ ৰামনাৰায়ণ ৰুইয়া মহাবিদ্যালয়ত পৰৱৰ্তীৰ শিক্ষা গ্ৰহণ কৰে।পঢ়া শেষ কৰাৰ পিছত ক্ৰান্তিয়ে অভিনয়ৰ জগতত খোজ দিছিল।
ক্ৰান্তি ৰেডকাৰৰ পিছে প্ৰথম আত্মপ্ৰকাশ এখন মাৰাঠী চলচ্চিত্ৰহে আছিল। তেওঁ 'চান আইচি'ত কাম কৰিছিল। চলচ্চিত্ৰ খনৰ পৰিচালক অঙ্কুশ চৌধুৰীক তেওঁ ইয়াতেই দেখা পাইছিল। ছবিখন ২০০০ চনত মুক্তি পাইছিল।তাৰ পিছত তেওঁ অজয় দেৱগনৰ 'গংগাজল'ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল। ক্ৰান্তি সেইজনী ছোৱালী আছিল যাক ছবিখনত অপহৰণ কৰা হৈছিল।
ক্ৰান্তি ৰেডকাৰে মাৰাঠী চলচ্চিত্ৰত বহুতো হিট গান উপহাৰ দিছে। ইয়াৰ ভিতৰত আছে 'কোম্বাদি পালালী', 'টাংদি ধাৰুণ'ৰ দৰে গান। এই গানবোৰ 'যাত্ৰা' বোলছবিখনৰ। একেখন চলচ্চিত্ৰৰ গানটোৰ সংগীত বলীউডৰ 'চিকনি চামেলী' গানত ব্যৱহাৰ কৰা হৈছিল।
ক্ৰান্তি ৰেডকাৰে ২০১৫ চনৰ ছবি 'কাকান'ৰ জৰিয়তে পৰিচালনাত আত্মপ্ৰকাশ কৰিছিল। ছবিখনত উৰ্মিলা কানিটকাৰ আৰু জিতেন্দ্ৰ যোশীয়ে অভিনয় কৰিছে।ক্ৰান্তি ৰেডকাৰ ছচিয়েল মিডিয়াত যথেষ্ট জনপ্ৰিয়। তেওঁৰ তিনি মিলিয়নতকৈও অধিক অনুসৰণকাৰী আছে। দৈনিক তেওঁ ফটো আৰু ভিডিঅ' শ্বেয়াৰ কৰে। তেওঁৰ মেকআপ ভিডিঅ'বোৰো নিমিষতে ভাইৰেল হৈ পৰে।
Comments