গুৱাহাটী,৭ অক্টোবৰ : গুজৰাটত মানৱ সৰবৰাহৰ লগত জড়িত এজন দুৰ্ধৰ্ষ অপৰাধী গ্ৰেপ্তাৰ কৰা হৈছে। মধ্যপ্ৰদেশ আৰক্ষীৰ এটা বিশেষ তদন্তকাৰী দলে বৃহস্পতিবাৰে গুজৰাটৰ চুৰাটৰ পৰা আটক কৰে অভিযুক্ত মুনিৰ ওৰফে মুনিৰুলক । ২০০ গৰাকী বাংলাদেশী যুৱতীৰ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগ আছে মুনিৰৰ বিৰুদ্ধে ।
আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে যে ৫ বছৰ ধৰি মানৱ সৰবৰাহৰ লগত জড়িত হৈ আছে মুনিৰ । জানিব পৰা মতে মুনিৰে যুৱতীবোৰক মধ্যপ্ৰদেশৰ ইন্দোৰলৈ প্ৰেৰণ কৰে আৰু তাৰ পাছত যুৱতীবোৰক নাৰীদেহ ব্যৱসায়ত জড়িত হ'বলৈ বাধ্য কৰোৱা হয়। কেৱল এয়াই নহয় ৭৫ গৰাকী যুৱতীক বিয়া কৰাইছিল মুনিৰে। বিজয় নগৰ আৰক্ষীয়ে জনোৱা মতে, ইয়াৰ পূৰ্বে এক নাৰীদেহ চক্ৰ উৎখাত কৰা হৈছিল য'ত ২১ গৰাকী বাংলাদেশী যুৱতী উদ্ধাৰ হৈছিল। ২১ গৰাকীৰ ভিতৰত ১১ গৰাকীয়ে বাংলাদেশী আছিল আৰু বাকীবোৰ আন চহৰৰ আছিল ।
এই অভিযানত আটক হোৱা সাগৰ ওৰফে চান্দো, আফৰিন আৰু অমৰিন নামৰ তিনিগৰাকী লোকক আৰক্ষীৰ জিম্মাত লোৱা হৈছিল । অৱশ্যে, এই চক্ৰটোৰ খলনায়ক মুনিৰ পলাতক আছিল । মুনিৰক ধৰাব পাৰিলে ১০ হাজাৰ টকাৰ পুৰস্কাৰো ঘোষণা কৰিছিল আৰক্ষীয়ে ।আৰক্ষীয়ে উল্লেখ কৰা মতে চক্ৰটোৱে ভাৰত-বাংলা সীমান্তৰ এটা নলাৰ ভিতৰেৰে মুৰ্চিদাবাদৰ মাজেৰে যুৱতীবোৰক ভাৰতলৈ পঠিয়াইছিল। সীমান্তৰ সৰু সৰু জুপুৰিবোৰত থকা এজেণ্টবোৰৰ জৰিয়তে এই কাম কৰিছিল চক্ৰটোৱে ।
লক্ষণীয়ভাৱে অভিযুক্ত মুনিৰে সীমান্তত নিয়োজিত সৈনিকসকলক ২৫,০০০ টকা দিছিল আৰু দেশৰ বিভিন্ন চহৰলৈ যুৱতীবোৰক প্ৰেৰণ কৰিছিল। আৰক্ষীয়ে অভিযোগ কৰা মতে বাংলাদেশৰ জাচোৰৰ বাসিন্দা মুনিৰে বিয়া পতা বেছিভাগ যুৱতীকে বিক্ৰী কৰিছিল। আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে যে ইয়াৰ আঁৰত এক বৃহৎ চক্ৰ জড়িত হৈ আছে। অভিযুক্ত মুনিৰে স্বীকাৰ কৰিছে যে নাৰীদেহ চক্ৰৰ সৈতে জড়িত এটা দলে কলকাতা আৰু মুম্বাইত যুৱতীসকলক প্ৰশিক্ষণ দি আছিল।
দৰিদ্ৰ পৰিয়ালৰ যুৱতীবোৰক বিভিন্ন প্ৰলোভনেৰে দেশৰ আন আন চহৰলৈও চাহিদা অনুসৰি প্ৰেৰণ কৰা হৈছিল ।
Comments