গুৱাহাটী, ৭ অক্টোবৰঃ বলীউডৰ কিং খান অৰ্থাৎ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানে বৰ্তমান সময়ত বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। আৰিয়ান খানক মুম্বাইৰ এটা ৰেভ পাৰ্টিত অভিযান চলাই আটক কৰা হৈছিল আৰু বৰ্তমান এই গোচৰটোৰ তদন্ত দ্ৰুতগতিত চলি আছে।
ইফালে, ঋত্বিক ৰৌশনকে ধৰি বলীউডৰ বহুকেইজন তাৰকাই আৰিয়ান খানৰ পক্ষত নিজৰ মন্তব্য আগবঢ়াই আছে। কিন্তু হৃত্বিকৰ সমৰ্থনৰ পিছত কংগনাই আগবঢ়োৱা এটি মন্তব্যই সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চিত হৈছে।
ঋত্বিক ৰৌশনে আৰিয়ানৰ সমৰ্থনত পোষ্ট শ্বেয়াৰ কৰাৰ পৰিপ্ৰেক্ষিতত কংগনা ৰাণাৱটে সামাজিক মাধ্যমত এটি পোষ্ট শ্বেয়াৰ কৰি লিখিছিল, "এতিয়া সকলো মাফিয়া পাপ্পু আৰিয়ান খানৰ সমৰ্থনত ওলাই আহিছে। আমি সকলোৱে ভুল কৰোঁ, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমি সেই ভুলটোক সুন্দৰভাৱে সমৰ্থন জনাম। মই আশা কৰোঁ এই বাক্যশাৰীয়ে আৰিয়ানক তেওঁ কৰা ভুলৰ বাবে এটা শিক্ষা দিব।"
"একে সময়তে, তেওঁ কৰা কামৰ বাবে অনুশোচনা কৰিব। মই আশা কৰোঁ যে তেওঁ যেতিয়াই ইয়াৰ পৰা ওলাই আহে তেতিয়াই তেওঁ এজন ভাল ব্যক্তি হিচাপে জীৱন অতিবাহিত কৰা আৰম্ভ কৰিব।
Comments