গুৱাহাটী,৬ অক্টোবৰ:বুধবাৰে মহালয়া ৷ স্বৰ্গলোকৰ পৰা পৃথিৱীলৈ নামি আহিব দুৰ্গতি নাশিনী দেৱী দুৰ্গা ৷ মহালয়া বুলিলে ৰাজ্যত দেখা যায় উৎসৱ মুখৰ এক পৰিৱেশ ৷ কিন্তু যোৱাটো বৰ্ষৰ দৰে এইবাৰো ক’ভিড কেন্দ্ৰিক পৰিৱেশে যেন ম্লান পেলাব এই আনন্দত ৷
মহালয়া বুলিলে যোৰহাটৰ ৰাজপথত জনতাৰ যথেষ্ট ভিৰ দেখিবলৈ পোৱা যায় । কিন্তু এইবাৰ হ’ল কিছু ব্যতিক্ৰম । কিয়নো পূৰ্বৰ দৰে যোৰহাটৰ চহৰত মহালয়া দিনটোত ৰাইজৰ ভিৰ দেখিবলৈ পোৱা নগ'ল কাৰণ ক’ভিডৰ বাবেই জিলা প্ৰশাসনে জাৰি কৰিছে কঠোৰ নিয়ম । মহালয়াৰ ক্ষেত্ৰত যোৰহাটত নতুন এছ অ’ পি জাৰি কৰিছিল জিলা প্ৰশাসনে ফলত কৰিব নোৱাৰিলে মহালয়াৰ শোভাযাত্ৰা । পথৰ কাষত অস্থায়ী দোকান পোহাৰ দিয়াতো বাধা আৰোপ কৰিছিল যোৰহাট জিলা প্ৰশাসনে৷ নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ কাৰ্ফিউ ঘোষণা কৰিছিল যোৰহাট প্ৰশাসনে ৷ আজি বিয়লি ৪ বাজি ৩৪ মিনিটত পৰিব মহালয়াৰ পৰ্বৰ অন্ত।
Comments