গুৱাহাটী,৬ অক্টোবৰ:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলিৰ পিছতে মঙলবাৰৰ দিনটোত কাজিৰঙালৈ আহিল প্ৰথম গৰাকী বিদেশী পৰ্যটক ৷ ২০২১-২২ পৰ্যটন বৰ্ষৰ পহিলা অক্টোবৰতেই পৰ্যটকে ভিৰ কৰিছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত । ২২ অক্টোবৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাই বোকাখাতত গঁড়ৰ খৰ্গ দাহ অনুষ্ঠানত ঘোষণাৰ কৰা পিছতে অক্টোবৰ ১ তাৰিখে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰে ৷
ইতিমধ্যে কাজিৰঙাৰ কঁহৰা আৰু বাগৰি বনাঞ্চলৰ ৩০ শতাংশ মুকলি কৰি দিয়া হৈছে পৰ্যটকৰ বাবে । কঁহৰা বনাঞ্চলৰ প্ৰায় ৯ কিঃমিঃ আৰু বাগৰি বনাঞ্চলৰ ৮ কিঃমিঃ লৈকে জিপ চাফাৰীৰ বাবে মুকলি কৰি দিয়া হৈছে । ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰি দিয়া পাছতে বহু পৰ্যটকৰ আগমন হোৱা পৰিলক্ষিত হৈছে ৷দীৰ্ঘদিনৰ অন্তত কাজিৰঙালৈ আহিল প্ৰথম গৰাকী বিদেশী পৰ্যটক,মঙলবাৰে কাজিৰঙাত উপস্থিত হয় এগৰাকী ইটালীৰ পৰ্যটক।গাদেচুই নিকল নামৰ পৰ্যটক গৰাকীয়ে পুৱাই জীপ চাফাৰীৰে কাজিৰঙাৰ কঁহৰা বনাঞ্চল পৰিদৰ্শন কৰে ৷ কাজিৰঙাত উপস্থিত হোৱাৰ পাচতে ৰাষ্ট্ৰীয় উদ্যানখনলৈ আহিবলৈ পাই সাংবাদিকৰ আগত আনন্দ প্ৰকাশ কৰে ইটালীৰ পৰ্যটক গৰাকীয়ে ৷
Comments