Choose Language

  • All  
  • English
  • অসমীয়া
Breaking News
0
0
6570

এই ৫ বিধ বস্তু দৈৰ সৈতে নাখাব, শৰীৰত পৰিব পাৰে বিৰূপ প্ৰভাৱ


Published on October 6, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

ইউৰিক এচিড ৰোগীয়ে গ্ৰহণ কৰক তুলসীৰ পাত, প্ৰকাশ্য প্ৰভাৱ পাব


Published on October 5, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ৫ অক্টোবৰঃ শৰীৰত পিউৰিন ভাঙি যোৱাৰ ফলত ইউৰিক এচিড সৃষ্টি হয়। ই সাধাৰণতে প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা প্ৰস্থান কৰে। কিন্তু যেতিয়া শৰীৰত ইয়াৰ স্তৰ বৃদ্ধি হয়, ই বৃক্কৰ কাৰ্যক্ষমতা প্ৰভাৱিত কৰিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত, ই শৰীৰৰ বাবে ক্ষতিকাৰক। যদি সময়মতে চিকিৎসা কৰা নহয়, ই শৰীৰৰ বহুতো অংশত বেয়া প্ৰভাৱ পেলাব পাৰে। যেনে গাঁঠিৰ বিষ আৰু আঁঠু ফুলা ইত্যাদি। আপুনি চিকিৎসকৰ পৰামৰ্শ লোৱাৰ উপৰিও, কিছুমান ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰি এই সমস্যাটো নিয়ন্ত্ৰণ কৰিব পাৰে। 

আমি সকলোৱে জানো যে তুলসীৰ পাত বহুতো ঔষধি গুণৰে সমৃদ্ধ। ইয়াত ভিটামিন এ, ডি, লো, আঁহ, লগতে ইউজেনল আৰু এণ্টিঅক্সিডেণ্ট থাকে। যদি এজন ব্যক্তি বৰ্ধিত ইউৰিক এচিডত ভুগি আছে, তেন্তে তেওঁ তুলসীপাত খোৱাটো স্বাস্থ্যৰ পক্ষে অতিকৈ কাৰ্যকৰী। 

তুলসী পাত ব্যৱহাৰ কৰাৰ পদ্ধতিসমূহঃ

১. প্ৰথমে পানীৰে ৫ ৰ পৰা ৬ টা তুলসী পাত ধুই লৈ সদায়ে খাব

২. জালুক আৰু বিশুদ্ধ ঘিউৰ সৈতে তুলসীপাত মিহলি কৰক আৰু দৈনিক খাওক

৩. আপুনি ইয়াক প্ৰতিদিনে এনেদৰে খালী পেটত গ্ৰহণ কৰক, যথেষ্ট উপকৃত হ'ব

* তুলসী পাত খোৱাৰ অন্যান্য লাভালাভসমূহঃ

১. তুলসীপাত গ্ৰহণ কৰাৰ ফলত চৰ্দি, পানীলগা জ্বৰ আদিৰ পৰা সকাহ পাব পাৰি। 

২. দি আপুনি কোনোবা ঠাইত আঘাতপ্ৰাপ্ত হৈছে, তেন্তে তুলসীৰ পাত পিহি ফিটকিৰিৰ সৈতে মিহলি কৰি আঘাতপ্রাপ্ত ঠাইত লগালে আঘাতৰ পৰা সোনকালে আৰোগ্য হ'ব পাৰি। তুলসীৰ পাতত বেক্টেৰিয়া ৰোধী উপাদান থাকে যিয়ে আঘাতটো বেছি হোৱাৰ পৰা বাধা দিয়াৰ লগতে সোনকালে আৰোগ্য কৰে।

৩. তুলসী পাত গ্ৰহণ কৰাৰ ফলত মহিলাৰ অনিয়মীয়া ঋতুস্ৰাৱৰ সমস্যা আঁতৰ কৰাত সহায় হয়।

 

 

বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।


Published on January 1, 1970|News Source :
Cartoon
View Older

 

December 9, 2021


Entertainment
View Older

North-East
View Older

From Our Archive

Create Account