গুৱাহাটী, ৬ অক্টোবৰ : দুবাৰকৈ থাওৰা সমষ্টিৰ পৰা বিধায়ক হিচাপে জিকি অহা কুশল দুৱৰীয়ে আগন্তুক উপ-নিৰ্বাচনত বিজেপিক বিপদত পেলোৱাৰ ভয়ত দলে তেওঁক দিলে এক নতুন দায়িত্ব। অসম নগৰ পানী যোগান আৰু পয় প্ৰণালী নিগমৰ অধ্যক্ষ হিচাপে চৰকাৰে নিযুক্তি দিছে কুশল দুৱৰীক ।এক কথাত কবলৈ গ’লে থাওৰাৰ উপ-নিৰ্বাচনক লৈ বিজেপিয়ে এতিয়াও এশ শতাংশ বিজয়ৰ নিশ্চিতি লাভ কৰা নাই ।মৰিয়নীৰ ক্ষেত্ৰত বিজেপি যিদৰে এশ শতাংশ নিশ্চিত, অনুৰূপ অৱস্থা কিন্তু থাওৰাৰ ক্ষেত্ৰত হোৱা নাই । বিজেপিৰ আশংকা বিৰোধীৰ পৰা হোৱা নাই । হৈছে নিজৰ দলৰ ভিতৰৰ পৰাই ।
যদিওবা দলটোৰ নেতা তথা দুবাৰৰ বিধায়ক কুশল দুৱৰীয়ে মুকলিকৈ সুশান্ত বৰগোহাঁইৰ প্ৰাৰ্থিত্বক লৈ কোনো ধৰণৰ বিৰোধ প্ৰদৰ্শন কৰা নাই ৷ কিন্তু ভোটৰ অংকত প্ৰাক্তন বিধায়ক গৰাকীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে ।ইয়াকে লৈ সম্পূৰ্ণকৈ এতিয়াও আশংকামুক্ত হ’ব পৰা নাই বিজেপি । ফলত যিকোনো উপায়েৰে নহওক কিয় কুশল দুৱৰীক সন্তুষ্ট কৰি ৰাখিবলৈ বিজেপিয়ে আপ্ৰাণ চেষ্টা চলাইছে ।সেইবাবে ইমান দিনে খালী হৈ থকা অসম নগৰ পানী যোগান আৰু পয় প্ৰণালী নিগমৰ অধ্যক্ষ হিচাপে চৰকাৰে নিযুক্তি দিছে কুশল দুৱৰীক ।
Comments