গুৱাহাটী,১০ অক্টোবৰ:শনিবাৰে গ্ৰেপ্তাৰ হোৱা কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰাই যোৱা সপ্তাহত লখিমপুৰ খেৰীত সংঘটিত হিংসাত্মক ঘটনাৰ সময়ত তেওঁৰ অৱস্থান সম্পৰ্কে কেইবাটাও প্ৰশ্নৰ উত্তৰ দিব পৰা নাছিল বুলি উত্তৰ প্ৰদেশ আৰক্ষীৰ এক সূত্ৰই সংবাদ মাধ্যমক জনায়।
সূত্ৰ অনুসৰি, যদিও আশীষ মিশ্ৰাই কৈছিল যে তেওঁ দেওবাৰে হিংসাত্মক ঘটনাস্থলীৰ পৰা প্ৰায় ৪-৫ কিলোমিটাৰ দূৰত অনুষ্ঠিত হৈ থকা মল্লযুদ্ধৰ অনুষ্ঠানত আছিল।পিছে অনুষ্ঠানটোত নিয়োজিত আৰক্ষী কৰ্মী আৰু তাত থকা লোকসকলৰ বিবৃতিয়ে প্ৰকাশ কৰে যে মন্ত্ৰীজনৰ পুত্ৰ দুপৰীয়া ২ ৰ পৰা ৪ বজাৰ ভিতৰত সেই অনুষ্ঠানত উপস্থিত নাছিল।
সেই সময়ত আশীষ মিশ্ৰাৰ মোবাইলৰ টাৱাৰৰ অৱস্থানটোৰ ভিত্তিত অপৰাধস্থলীৰ ওচৰতে আৰু ইয়াৰ আশে পাশেহে পোৱা গৈছিল।মিশ্ৰাই অৱশ্যে আৰক্ষীক ওলোটাই কৈছিল যে তেওঁ সেই সময়ত চাউলৰ কলত আছিল যিটো অপৰাধস্থলীৰ ওচৰত আছিল।তেওঁৰ চালক হৰি ওমকে ধৰি তেওঁলোকৰ তিনিজন লোকক হত্যা কৰাৰ অভিযোগত কৃষকসকলৰ বিৰুদ্ধে মিশ্ৰা বাহিনী জঁপিয়াই পৰিছিল।
কিন্তু এজাহাৰখনত কোৱা হৈছিল যে হৰি ওমে কৃষকসকলৰ ওপৰেৰে মহিন্দ্ৰা থাৰ খন চলাই দিছিল,আৰক্ষীয়ে বিশ্লেষণ কৰা ভিডিঅ'টোত দেখুওৱা হৈছে যে বগা চাৰ্ট বা কুৰ্তা পিন্ধা এজন ব্যক্তিয়েহে থাৰ চলাই আছিল,হৰি ওমক হালধীয়া কুৰ্তা পিন্ধা অৱস্থাতহে চিকিৎসালয়ত পোৱা গৈছিল সেইবাবে মন্ত্ৰী পুত্ৰৰ মিথ্যাচাৰ ওলাই পৰাত বেছি পৰ নালাগে বুলি আৰক্ষীয়ে অনুমান কৰিছে।
Comments