গুৱাহাটী,১০ অক্টোবৰ:খিলঞ্জীয়া লোকেই হওক বা প্ৰব্ৰজনকাৰী মুছলমান হওক যিকোনো পৰিস্থিতিতে অসমত বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত থাকিব ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট ভাষাৰে এই কথা ব্যক্ত কৰিছে ৷ ১৯ তম ইণ্ডিয়া টুডে’ কনক্লে’ভ ২০২১ ত উপস্থিত থাকি অসমত চলি থকা উচ্ছেদ অভিযানৰ সপক্ষে যুক্তি দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, অসমৰ ভূমি নীতিয়ে কোনো পৰিস্থিতিতে ১০০০ পৰিয়ালে ৭৭,০০০ একৰ ভূমি দখল কৰাৰ অনুমতি দিয়া নাই ৷এক বিশেষ সম্প্ৰদায়ৰ লোকসকলৰ প্ৰতি থকা বিদ্বেষ ভাৱৰ বিষয়ে মুখ্যমন্ত্ৰীক কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, সাধাৰণতে মিঞা হিচাপে অভিহিত মুছলমান সম্প্ৰদায়ৰ প্ৰব্ৰজনকাৰীসকল অসমত উদ্ভৱ হোৱা বহু সমস্যাৰ মূল কাৰণ ৷
এয়া কেৱল তেওঁৰ একপক্ষীয় চিন্তা নহয় বুলি দাবী কৰি শৰ্মাই কয় যে, স্বাধীনতাৰ পূৰ্বৰ দিনৰ পৰাই অসমৰ বহুলোকে বিশ্বাস কৰে যে প্ৰব্ৰজনকাৰীসকল ভূমি বেদখলকে ধৰি খিলঞ্জীয়া লোকসকলৰ সংস্কৃতি আৰু পৰিচয় হেৰুওৱাৰ দৰে বহুতো সমস্যাৰ মূল কাৰণ ৷ উচ্ছেদ অভিযান যথেষ্ট জৰুৰী আৰু এই বিষয়টোত কোনো সাম্প্ৰদায়িকতা নাই বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে৷
Comments