গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ৮ অক্টোবৰ ঃ যিকোনো মুহূর্তত গ্রেপ্তাৰৰ ক্ষণ গণিছে ডাঃ নভনীল বৰুৱাই৷ চমন পাই আজি পুৱাই দিছপুৰ আৰক্ষী থানাত উপস্থিত হোৱা নভনীল বৰুৱা মাৰাথন জেৰাৰ সন্মুখীন হ’ল৷ ৰাজকন্যা-কাণ্ডত বিতর্কৰ আৱর্তত সোমাই পৰে নভনীল বৰুৱা আৰু জি এন আৰ চিৰ অধীক্ষক সুব্রত ভাগৱতী৷
কেইবা ঘণ্টাজোৰা জেৰাৰ পাছত সন্ধিয়া পর্যন্ত থানাত ডাঃ নভনীল বৰুৱাক বহাই থ’লে আৰক্ষীয়ে৷ আত্মপক্ষ সমর্থন কৰি নিজক বচাবলৈ অপ্রাণ চেষ্টা চলালেও ৰাজকন্যা বৰুৱাক যে জি এন আৰ চিত ভর্তি কৰাৰ ক্ষেত্রত চিকিৎসকজনে আগভাগ লৈছিল সেয়া আৰক্ষীৰ তদন্তত স্পষ্ট হৈ পৰিছে৷
ৰাজকন্যা বৰুৱাৰ সৈতে পূর্বৰ কোনো চিনাকি নাই বুলি আৰক্ষীৰ আগত বৰুৱাই কয়৷ কিন্তু নভনীল বৰুৱাৰ স্বীকাৰোক্তিত পতিয়ন যোৱা নাই আৰক্ষী৷ চিকিৎসকজনৰ কিছুমান ফটো ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে৷ য’ত ৰাজকন্যা থকা বুলিও একাংশই অভিযোগ কৰিছে৷
জি এন আৰ চিৰ আই চি ইউত ৰাজকন্যাক ভর্তি কৰিবলৈ তেওঁ পৰামর্শ দিয়া নাছিল বুলি দাবী কৰিলেও ইতিমধ্যে আৰক্ষীৰ তদন্তত স্পষ্ট হৈছে যে ডাঃ বৰুৱাই ৰাজকন্যাৰ চিকিৎসা কৰিছিল আৰু ছেমি আই চি ইউত ভর্তি কৰোৱা হৈছিল৷ যদিহে ৰাজকন্যা বৰুৱাৰ মূৰত কোনো আঘাত নাছিল তেন্তে কিয় নভনীল বৰুৱাই ৰাজকন্যাৰ চি টি স্কেনকে ধৰি বিভিন্ন পৰীক্ষাৰ পৰামর্শ দিছিল? এনেবোৰ প্রশ্নৰ সদুত্তৰ আৰক্ষীক দিব নোৱাৰিলে ডাঃ নভনীল বৰুৱাই৷
বিপৰীতে ৰাজকন্যালৈ দোষ ঠেলি তেওঁ আৰক্ষীৰ জেৰাত কয় যে ৰাজকন্যাই হেনো আত্মহত্যাৰ ভাবুকি দিছিল৷ আই চি ইউত ভর্তি নকৰালে হেনো নভনীল বৰুৱাৰ ওচৰত যুৱতীজনীয়ে আত্মহত্যাৰ ভাবুকি দিছিল৷ এতিয়া প্রশ্ন হ’ল যদিহে অভিযুক্ত ৰাজকন্যা বৰুৱাই আত্মহত্যাৰ ভাবুকি দিছিল তেন্তে কিয় দিছপুৰ আৰক্ষীক জনোৱা নাছিল নভনীল বৰুৱাই?
এনে বহু উত্তৰহীন প্রশ্নৰ সন্মুখীন হৈছে চিকিৎসকজনে৷ আনহাতে, পোহৰলৈ আহিছে নভনীল বৰুৱাৰ আন কিছুমান কলংকিত অধ্যায়, আৰক্ষীয়ে থানাৰ ভিতৰত জেৰা কৰি থকাৰ সময়তে থানাৰ বাহিৰত উপস্থিত হৈ একাংশ ৰোগীৰ আত্মীয়ই বিস্ফোৰক অভিযোগ আনে৷ দুর্ঘটনাত পতিত লোকৰ উপযুক্ত চিকিৎসা নকৰি মৃত্যুৰ ঘৰলৈ ঠেলি দিয়া আৰু মৃতদেহ ৩-৪ দিনলৈ ৰাখি থৈ লাখ-লাখ টকা আদায়ৰ গুৰুতৰ অভিযোগ ডাঃ নভনীল বৰুৱা আৰু জি এন আৰ চি কর্তৃপক্ষৰ বিৰুদ্ধে উত্থাপন কৰে মৃত ৰোগীৰ আত্মীয়ই৷ ‘
মোৰ স্বামীক নভনীল বৰুৱাই মাৰিছে৷ উপযুক্ত চিকিৎসা নকৰিলে৷ মৃত্যুৰ পাছতো আই চি ইউত চাৰি দিনলৈ ৰাখি থৈছিল৷ নভনীল বৰুৱাৰ ওচৰলৈ যাওঁতে মোক বেয়া ব্যৱহাৰ কৰিছিল৷ মই আজি ন্যায় বিচাৰিছোঁ৷’ সংবাদ মাধ্যমৰ আগত কান্দি কান্দি এইদৰে কয় এগৰাকী ভুক্তভোগী মহিলাই৷ জানিব পৰা মতে, এনে বহু অভিযোগ উঠা ডাঃ নভনীল বৰুৱা আৰু জি এন আৰ চি কর্তৃপক্ষৰ বিৰুদ্ধে ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰাৰ লগে লগে নতুনকৈ ৰুজু হ’ব গোচৰ৷
12 ঘণ্টা ধৰি দিছপুৰ আৰক্ষী থানাত জেৰাৰ সন্মুখীন হোৱাৰ পাছত নভনীল বৰুৱাক আৰক্ষীয়ে নিশা জি এম চি এইচলৈ নি স্বাস্থ্য পৰীক্ষা কৰে৷ জি এম চি এইচৰ অধীক্ষক অভিজিৎ শর্মাই জনোৱা মতে নভনীল বৰুৱাৰ ই চি জি, আল্ট্রা চাউণ্ডৰ লগতে তেজৰ নমুনা পৰীক্ষা কৰা হয়৷ তেওঁৰ স্বাস্থ্য সম্পূর্ণ সুস্থিৰ৷ চিকিৎসালয়ৰ পৰা পুনৰ দিছপুৰ থানালৈ আনি আৰক্ষীয়ে নভনীল বৰুৱাক ঘৰলৈ যোৱাৰ অনুমতি দিয়ে৷ কিন্তু যি কোনো মুহূর্তত আৰক্ষীয়ে বিচাৰিলে তেওঁ থানালৈ আহিব লাগিব৷
Comments