Choose Language

  • All  
  • English
  • অসমীয়া
0
0
6378

কি কি ৰোগত আক্রান্ত হ'লে সৰিব পাৰে চুলি, জানক আৰু সচেতন হৈ থাকক


Published on October 9, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

চেনীৰ সৈতে জিলিকাই তোলক মুখমণ্ডল, জানক ব্যৱহাৰ কৰাৰ সৰল পদ্ধতিসমূহ


Published on October 9, 2021|News Source : অৰূপ ডেকা


গুৱাহাটী, ৯ অক্টোবৰঃ আমি দেখিছোঁ যে বহুলোকে সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ চেনী খোৱা পৰিহাৰ কৰে, কিন্তু আপুনি জানি আচৰিত হ'ব যে চেনী ছালৰ বাবে অত্যন্ত উপকাৰী। ছালত চেনী প্ৰয়োগ কৰিলে আপোনাক বিভিন্ন লাভালাভ হোৱাৰ লগতে, ই আপোনাৰ ছালৰ দাগবোৰ আঁতৰ কৰাত সহায় কৰিব পাৰে।

এনেদৰে মুখমণ্ডলত চেনী ব্যৱহাৰ কৰি জিলিকাই তোলক ছাল।

১. দৈ-চেনী

দুই চামুচ দৈত দুই চামুচ চেনী মিহলি কৰক। এতিয়া এই পেষ্টটো মুখত প্ৰয়োগ কৰক। ইয়াক দুই মিনিটৰ বাবে এৰি দিয়ক। তাৰ পিছত মুখখন পাতল হাতেৰে পাঁচ মিনিটৰ বাবে মালিচ কৰক। তাৰ পিছত পানীৰে ধুই পেলাওক। ই আপোনাৰ ছালৰ উজ্জ্বলতা বৃদ্ধি কৰাত সহায় কৰিব।

২. বীট-চেনী

আপুনি দুই চামুচ বীটৰ ৰসত এক চামুচ চেনী যোগ দিব। তাৰ পিছত ইয়াক পাঁচ মিনিটৰ বাবে লাহেকৈ আপোনাৰ ওঁঠত ঘঁহি দিয়ক। তাৰ পিছত আপুনি পৰিষ্কাৰ পানীৰে মুখখন পৰিষ্কাৰ কৰিব। বীট আৰু চেনীৰ মিশ্ৰণে ওঁঠৰ পৰা মৃত ছাল আঁতৰ কৰাত সহায় কৰে। লগতে ই ওঁঠ গুলপীয়া আৰু কোমল কৰাত সহায় কৰে।

৩. কফি-চেনী

চেনীৰ সৈতে কফি মিহলি কৰক আৰু ইয়াত কেইটোপালমান নাৰিকল তেল যোগ দিয়ক আৰু এটা পেষ্ট বনাওক। এতিয়া এই পেষ্টটো আপোনাৰ মুখত প্ৰয়োগ কৰক আৰু ইয়াক পাঁচৰ পৰা সাত মিনিটৰ বাবে পাতলকৈ ঘঁহি দিয়ক। তাৰ পিছত মুখখন ভালদৰে ধুব। ই আপোনাৰ ক'লা দাগবোৰৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰিব। একে সময়তে, আপোনাৰ মৃত ছালৰ কোষবোৰ সজীৱ কৰি তোলাৰ লগতে ছালখন ময়েশ্চাৰাইজ কৰিব। 

৪. নেমু-চেনী

আপুনি চেনী আৰু নেমুৰ মিশ্ৰণ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে, দুই চামুচ চেনীত চাৰি চাহ চামুচ নেমুৰ ৰস যোগ দিয়ক। তাৰ পিছত ইয়াক মুখত প্ৰয়োগ কৰক আৰু পাতল হাতেৰে মালিচ কৰক। চেনী গলি নোযোৱালৈকে মালিচ কৰি থাকিব। তাৰ পিছত আপোনাৰ মুখখন পৰিস্কাৰ পানীৰে ধুই পেলাব। ই আপোনাৰ ছালখন নিখুঁত কৰি তুলিব আৰু উন্নত কৰিব।


 

বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।


Published on January 1, 1970|News Source :
Cartoon
View Older

 

October 20, 2021


Entertainment
View Older


From Our Archive

Create Account