গুৱাহাটী, ১০ অক্টোবৰ:উচ্চ ৰক্তচাপে বয়সৰ সৈতে স্বাস্থ্য সম্পৰ্কীয় কেইবাটাও সমস্যাৰ দুৱাৰ মুকলি কৰে যাৰ ভিতৰত আছে হৃদৰোগ,বৃক্কৰ সমস্যা,দৃষ্টিশক্তি হ্ৰাস,যৌনৰোগ আৰু ভাস্কুলাৰ ডিমেনচিয়া। বেছিভাগ লোকে উচ্চ ৰক্তচাপক সহজভাৱে লয় আৰু ইয়াত অন্তৰ্ভুক্ত থকা স্বাস্থ্যৰ বিপদাশংকাৰ বিস্তৃত পৰিসৰৰ বিষয়ে অজ্ঞাত। এইটো এতিয়াও সম্পুৰ্ণ ভাৱে স্পষ্ট নহয় যে কিহৰ ফলত উচ্চ ৰক্তচাপৰ সৃষ্টি হয়।আমেৰিকান হাৰ্ট এছ'চিয়েচনৰ পৰামৰ্শ অনুসৰি, অধিক ফল, শাক-পাচলি,কম প্ৰ'টিন আৰু সংশোধিত আহাৰ শৈলীয়ে উচ্চ ৰক্তচাপত ভুগি থকা ৰোগী এজনক সকাহ দিব পাৰে। নিম্নলিখিত কিছুমান সামগ্ৰীক পৰা পক্ষত পৰিহাৰ কৰক ।
১)
ব্ৰেড আৰু ৰ'ল
ব্ৰেড আৰু ৰ'ল আমাৰ দৈনন্দিন আহাৰৰ এক গুৰুত্বপূৰ্ণ অংশ। ৰাতিপুৱা মাখন বা অমলেটৰ সৈতে ব্ৰেডৰ টুকুৰা এটাই আমাক দীঘলীয়া সময়ৰ বাবে পৰিপূৰ্ণ কৰি ৰখাত সহায় কৰে। ইয়াৰ নেতিবাচক দিশটো হ'ল যে সেইবোৰ ছডিয়ামেৰে ভৰপূৰ। ইয়াৰ উপৰিও, ইয়াক প্ৰস্তুত কৰিবলৈ ব্যৱহৃত পৰিশোধিত ময়দাই আপোনাৰ ওজন বৃদ্ধিৰ কৰে। ছডিয়ামে তেজত তৰলৰ ভাৰসাম্যক প্ৰভাৱিত কৰিব পাৰে আৰু ৰক্তচাপৰ স্তৰ বৃদ্ধি কৰে। উচ্চ ৰক্তচাপ থকা ৰোগীৰ বাবে এইটো এটা স্বাস্থ্যকৰ বিকল্প নহয়।
২)
সংশাধিত মাংস
সংশোধিত মুৰ্গী আৰু মাছ, হেম, হটডগ, চচেজত উচ্চ পৰিমাণৰ ছডিয়াম থাকে। নিৰ্মান প্ৰক্ৰিয়াৰ সময়ত মাংসত অতিৰিক্ত নিমখ যোগ দিয়া হয়। তাৰোপৰি হটদগ আৰু হেমৰ সৈতে সংশোধিত মাংস যোগ কৰিলে আপোনাৰ খাদ্য অধিক অস্বাস্থ্যকৰ হ'ব পাৰে। এই খাদ্য খালে ৰক্তচাপ বৃদ্ধি হ'ব পাৰে আৰু কৰ্কট ৰোগো হ'ব পাৰে।
৩)
চুপ
আমি সকলোৱে গৰম চুপ ভাল পাওঁ, বিশেষকৈ শীতকালত। কিন্তু দীঘল ৰেচিপিক পৰিহাৰ কৰিবলৈ, আমি প্ৰায়ে চুপাৰমাৰ্কেটত উপলব্ধ চুপ কিনি আনো । আমি তাত কেৱল গৰম পানী যোগ দিব লাগে আৰু নিমিষতে চুপ সাজু। মানুহে নাজানে যে পেক কৰা চুপবোৰত সকলো পুষ্টিকৰ সামগ্ৰী আঁতৰ কৰা হয় আৰু ইয়াত ছডিয়ামৰ পৰিমাণ অধিক পোৱা যায়।
৪)
কেচআপ, চছ আৰু পাস্তা চছ
কেচআপ, চছ আৰু পাস্তা চছৰ দৰে সংশোধিত খাদ্য সামগ্ৰীবোৰতো ছডিয়ামৰ পৰিমাণ অধিক থাকে। কেচআপ, চছ আৰু পাস্তা চছত ছডিয়াম আৰু ৰাসায়নিক পদাৰ্থৰ পৰিমাণ বেছি পোৱা যায়। সেইবোৰ থাকিলে আপোনাৰ ৰক্তচাপ বৃদ্ধি হ'ব পাৰে, কৰ্কট ৰোগো সৃষ্টি হ'ব পাৰে আৰু দেহৰ ওজন বৃদ্ধি হ'ব পাৰে। ইয়াৰ উপৰিও, কেচআপ আৰু চছত কিছু পৰিমাণৰ পৰিশোধিত চেনীও থাকে।
পৰিহাৰ কৰিবলগা অন্যান্য খাদ্যসমূহ:
আন কিছুমান খাদ্য সামগ্ৰী আছে যিবোৰ উচ্চ ৰক্তচাপত ভুগি থকা লোকসকলে পৰিহাৰ কৰিব লাগিব।
চেনী:চেনিয়ে আপোনাৰ ৰক্তচাপৰ স্তৰ বিভিন্ন ধৰণে প্ৰভাৱিত কৰিব পাৰে। আটাইতকৈ সচৰাচৰ হৈছে যে ইয়াৰ ফলত দেহত মেদবহুলতা হয়,যি ৰক্তচাপৰ স্তৰক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰে।
ট্ৰেন্স চৰ্বি:সংপৃক্ত আৰু ট্ৰেন্স ফেটে অত্যাধিক পৰিমাণে ধমনীবোৰৰ আৱৰণ ডাঠ কৰিব পাৰে আৰু ৰক্তচাপৰ স্তৰ বৃদ্ধিত অৰিহণা যোগাব পাৰে।
সুৰা:সুৰাযুক্ত পানীয়ত চেনীৰ লগতে কেলৰি অধিক থাকে। সেইবোৰ গ্ৰহণ কৰিলে উচ্চ ৰক্তচাপত ভুগি থকা লোকসকলৰ ৰক্তচাপৰ স্তৰ বৃদ্ধি হ'ব পাৰে।
বিঃদ্ৰঃ এই তথ্যসমূহ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা। সবিশেষ জানিবৰ বাবে বিশেষজ্ঞৰ সহায় লব।
Comments