Classifieds
View All
গুৱাহাটী,৮ অক্টোবৰ : অসম আৰু ইয়াৰ চুবুৰীয়া অঞ্চলত কালি নিশা ১২ বজাত মৃদু ভূমিকম্পৰ জোকাৰণি অনুভূত হয়৷ ৰিখটাৰ স্কেলত ৫.৫ প্ৰাৱল্যৰ ভূমিকম্পই বৃহস্পতিবাৰে অসম আৰু কাষৰীয়া অঞ্চলসমূহক জোকাৰি যায় ৷
ভূমিকম্পটোৰ অভিকেন্দ্ৰ ম্যানমাৰ বুলি জানিব পৰা গৈছে ৷প্ৰাপ্ত তথ্য অনুসৰি ম্যানমাৰৰ মান্দালয়ৰ পৰা ১৪৮ কিলোমিটাৰ পশ্চিমত এই ভূমিকম্পৰ অভিকেন্দ্ৰ অৱস্থিত ৷ ভূমিকম্পৰ ফলত কেনেধৰণৰ ক্ষয়-ক্ষতি হৈছে সেই সন্দৰ্ভত এইপৰ্যন্ত কোনো তথ্য লাভ কৰা হোৱা নাই ৷
Comments