গুৱাহাটী, ৮ অক্টোবৰঃ তুৰ্কীত বাস কৰা মেহমাত ওজিয়ুৰেক নামৰ ব্যক্তিজনৰ নাক পৃথিৱীত বাস কৰা আন লোকসকলৰ তুলনাত আটাইতকৈ দীঘল। তেওঁৰ নাম গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ ইতিমধ্যে লিপিবদ্ধ কৰা হৈছে। তাৎপৰ্যপূৰ্ণভাৱে, তেওঁৰ নাক ক্ৰমান্বয়ে বাঢ়ি আছে, যি অনাগত দিনবোৰত ৩.৫ ইঞ্চি (৮.৮ চেমি)তকৈ অধিক দীঘল হ'ব পাৰে।
তুৰ্কীৰ বাসিন্দা ৭১ বছৰীয়া মেহমাত ওজিয়ুৰেক হৈছে ৩.৫ ইঞ্চি (৮.৮ চেমি) দীঘল নাকৰ সৈতে পৃথিৱীৰ একমাত্ৰ জীৱিত ব্যক্তি। প্ৰায় ১১ বছৰ আগতে, তেওঁৰ নাকৰ বাবে তেওঁৰ নাম গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত লিপিবদ্ধ কৰা হৈছিল, যিটো কোনেও কেতিয়াও ভাঙিব পৰা নাই। ওজিউৰেকে কৈছে যে তেওঁৰ নাকৰ দৈৰ্ঘ্য বাঢ়ি গৈ আছে।
ইপিনে, গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে মেহমত ওজিয়ুৰেকৰ অভিলেখৰ কথা ঘোষণা কৰি কয় যে, "তেওঁ হৈছে পৃথিৱীৰ একমাত্র আটাইতকৈ দীঘল নাকৰ জীৱিত ব্যক্তি। অৱশ্যে, ইতিহাসত আটাইতকৈ দীঘল নাকৰ অভিলেখ ইংৰাজ থমাছ ৱেইডাৰ্ছে ৰেকৰ্ড কৰিছিল। অষ্টদশ শতিকাৰ ইংৰাজজনৰ নাকটো অবিশ্বাস্যভাৱে ৭.৫ইঞ্চি (১৯ চেমি) দীঘল আছিল। এতিয়া যেতিয়া তেওঁ জীয়াই নাই, এই ৰেকৰ্ডটো মেহমত ওজিউৰেকৰ নামেৰে নামাকৰণ কৰা হৈছে।
Comments