Choose Language

  • All  
  • English
  • অসমীয়া

মুগ দাইল এনেদৰে ব্যৱহাৰ কৰি সৌন্দর্য বৃদ্ধি কৰক, বিউটি পাৰ্লাৰৰ খৰচ ৰাহি হ'ব আপোনাৰ


Published on October 8, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

সৌন্দর্য্য বৃদ্ধিৰ বাবে বাহিৰলৈ ফুৰিবলৈ যোৱাৰ পূৰ্বে এই ৬ টা পদ্ধতিৰে পৰিস্কাৰ কৰক মুখখন


Published on October 7, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ৭ অক্টোবৰঃ আপোনাৰ মুখখন স্বাস্থ্যৱান কৰি ৰাখিবলৈ ইয়াক ভালদৰে পৰিষ্কাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ। কিয়নো, ধূলি, লেতেৰা পদাৰ্থ, ঘাম, মৃত ছালৰ কোষ, তেল ইত্যাদি, ছালৰ ছিদ্ৰবোৰ বন্ধ কৰে আৰু ছালখন অস্বাস্থ্যকৰ কৰি তোলে। ইয়াৰ ফলত মুখত ব্রণ, দাগ, বয়স বৃদ্ধিৰ লক্ষণ আদি দেখা যায়। কিন্তু ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ আগতে যদি আপুনি এই ৬ টা পদ্ধতিৰে আপোনাৰ মুখখন পৰিষ্কাৰ কৰে, তেন্তে আপোনাৰ মুখখন সদায়ে স্বাস্থ্যৱান হৈ থাকিব আৰু হেৰাই সৌন্দর্য ঘূৰাই পাব। 

পদক্ষেপ ১- মুখ পৰিষ্কাৰ কৰক

প্ৰথমে আপুনি আপোনাৰ মুখখন পৰিষ্কাৰ কৰিব লাগিব। ইয়াৰ বাবে আপুনি এটা মৃদু ফেচৱাছ ব্যৱহাৰ কৰিব পাৰে যি ছালৰ বাবে অধিক ডাঠ নহয়। ফেচৱাছ বা ক্লিনজাৰটো মুখত পাতলকৈ ঘঁহিব লাগে আৰু তাৰ পিছত মুখখন পানীৰে ভালদৰে ধুই ল'ব।

পদক্ষেপ ২- টোনাৰ অত্যাৱশ্যকীয়

ফেচৱাছৰ পিছত আপুনি মুখত টোনাৰ প্ৰয়োগ কৰা উচিত। ই ছালৰ পিএইচ স্তৰ বৰ্তাই ৰাখে। যদি আপোনাৰ ছাল খহটা বা সংবেদনশীল হয়, হাইড্ৰেটিং টোনাৰ ব্যৱহাৰ কৰক আৰু শালমইনা থকা লোকসকলে চেলিচিলিক এচিডৰে নিৰ্মিত টোনাৰ ব্যৱহাৰ কৰক। 

পদক্ষেপ ৩- চিৰাম

টোনাৰৰ পিছত, মুখত ভিটামিন চি' যুক্ত চিৰাম প্ৰয়োগ কৰিব লাগে। ভিটামিন চিয়ে কেৱল আপোনাৰ ছালৰ বৰণ উন্নত কৰাৰ লগতে ছালক পুষ্টিও প্ৰদান কৰে।

পদক্ষেপ ৪- আই ক্ৰীম

সাধাৰণতে আমি চকুৰ প্ৰতি বেছি মনোযোগ নিদিওঁ, যাৰ ফলত চকুৰ তলত ডাঠ বৃত্তৰ দৰে সমস্যা দেখা দিয়ে। সেয়েহে ঘৰৰ পৰা ওলাই যোৱাৰ আগতে চকুৰ তলত আই ক্ৰীম লগাব পাৰে।

পদক্ষেপ ৫- ময়েশ্চাৰাইজাৰ

মুখৰ আৰ্দ্ৰতা বৰ্তাই ৰাখিবলৈ আপুনি ময়েশ্চাৰাইজাৰ ব্যৱহাৰ কৰক। ই দিনটোৰ বাবে আপোনাৰ ছালৰ প্ৰাকৃতিক আৰ্দ্ৰতা বৰ্তাই ৰাখিব।

পদক্ষেপ ৬- চানস্ক্ৰীণ

ঘৰৰ পৰা ওলাই যোৱাৰ আগতে চানস্ক্ৰীণ প্ৰয়োগ কৰিবলৈ নাপাহৰিব। বিশেষজ্ঞসকলৰ মতে, মুখ, ডিঙি আৰু হাতত এছ.পি.এফ. ৩০ থকা চানস্ক্ৰীণ প্ৰয়োগ কৰিব লাগে। যদি আপোনাৰ ছাল তৈলাক্ত হয়, তেতিয়াও আপুনি চানস্ক্ৰীণ প্ৰয়োগ কৰিব পাৰে।

 

বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।

Cartoon
View Older

 

October 1, 2022




From Our Archive

Create Account