গুৱাহাটী, ৮ অক্টোবৰঃ ভাৰতৰ পৰিৱৰ্তে ইউনাইটেজ আৰৱ ইমিৰেটছত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপ অহা ১৭ অক্টোবৰৰ পৰা আৰম্ভ হ'ব। ভাৰতক এইবাৰ টি-২০ বিশ্বকাপ জয়ী হোৱাৰ শক্তিশালী প্ৰতিদ্বন্দী হিচাপে গণ্য কৰা হয়। টীম ইণ্ডিয়াত বহুতো খেলুৱৈ আছে, যিয়ে টি-২০ বিশ্বকাপত খেলৰ পৰিৱৰ্তন কৰিবলৈ যোগ্যতা সম্পন্ন আৰু এইবাৰ তেওঁলোকে টীম ইণ্ডিয়াৰ পক্ষত ট্ৰফী নিশ্চিত কৰিব পাৰে।
১. ৰবিচন্দ্ৰন অশ্বিন
ৰবিচন্দ্ৰন অশ্বিনে ৪ বছৰৰ পিছত আকৌ এবাৰ টীম ইণ্ডিয়াৰ হৈ নীলা জাৰ্চীত খেলিবলৈ সাজু হৈ উঠিছে। ৰবিচন্দ্ৰন অশ্বিন হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ মেচ-বিজয়ী খেলুৱৈ।২০১১ আৰু ২০১৫ চনৰ বিশ্বকাপৰ উপৰিও ২০১২, ২০১৪ আৰু ২০১৬ ৰ টি-২০ বিশ্বকাপত অশ্বিনৰ খেলাৰ অভিজ্ঞতা আছে। অশ্বিনে ২০১৩ আৰু ২০১৭ আইচিচি চেম্পিয়নশ্বিপ ট্ৰফী টুৰ্ণামেণ্টতো ভাৰতৰ হৈ খেলিছে। অশ্বিনে অলপতে নিউজিলেণ্ডৰ বিৰুদ্ধে আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচ খেলিছিল। ভাৰতৰ বাবে ৮ খন আইচিচি টুৰ্ণামেণ্টত খেলাটো এটা অতিকৈ ডাঙৰ কথা। অশ্বিনে ২০২১ চনৰ টি-২০ বিশ্বকাপত টীম ইণ্ডিয়াৰ হৈ ট্ৰফী জয়ী কৰাত এক ডাঙৰ ভূমিকা পালন কৰিব পাৰে।
২. হাৰ্ডিক পাণ্ডিয়া
হাৰ্ডিক পাণ্ডিয়া টি-২০ বিশ্বকাপত ভাৰতৰ আটাইতকৈ ডাঙৰ খেল বিজয়ী কৰা খেলুৱৈ হিচাপে প্ৰমাণিত হ'ব পাৰে। হাৰ্ডিক পাণ্ডিয়াই টি-২০ বিশ্বকাপ ২০২১ ত এটা ডাঙৰ ভূমিকা পালন কৰিব পাৰে। যেতিয়াই এখন ডাঙৰ টুৰ্ণামেণ্টত জয়ী হ'বলগীয়া হয়, তেতিয়া সদায়ে এনে এজন খেলুৱৈৰ প্ৰয়োজন হয় যি দলটোৰ সৈতে শেষ পৰ্যায়লৈকে খেলি থাকিব পাৰে আৰু সেয়া হৈছে হাৰ্দিক পাণ্ডিয়া। হাৰ্ডিক পাণ্ডিয়াই তেওঁৰ বলিং আৰু বেটিং দুয়োটা ক্ষেত্ৰতে শীৰ্ষস্থানত আছে। হাৰ্দিকে তেওঁৰ বেটেৰে খেলত তেওঁৰ পাৰদৰ্শিতা দেখুৱাই আহিছে। কিয়নো প্ৰতিবাৰেই যেতিয়া টীম ইণ্ডিয়াক দ্ৰুত ৰাণৰ প্ৰয়োজন হয়, তেতিয়া হাৰ্ডিকক খেলি থকা দেখা যায়। তেওঁ বলাৰসকলৰ বিৰুদ্ধে খেলপথাৰৰ প্ৰতিটো কোণত ৰাণ সংগ্ৰহ কৰাৰ ক্ষমতা আছে।
৩. কে এল ৰাহুল
কে এল ৰাহুলক টি-২০ ফৰ্মেটৰ আটাইতকৈ ডাঙৰ খেল বিজয়ীসকলৰ ভিতৰত গণ্য কৰা হয়। কে এল ৰাহুলে প্ৰথমবাৰৰ বাবে টি-২০ বিশ্বকাপত খেলিবলৈ সুযোগ পাইছে। তেওঁ আগতে ভাৰতৰ হৈ ২০১৯ ৰ বিশ্বকাপও খেলিছিল। ৰাহুলক টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলত অপেনাৰ হিচাপে স্থান দিয়া হৈছে। ৰাহুলক টি-২০ বিশ্বকাপৰ দলত অন্তৰ্ভুক্ত কৰিবলৈ শিখৰ ধাৱানক দলৰ পৰা বাদ দিব লগা হৈছে। বৰ্তমান ৰাহুলে টি-২০ বিশ্বকাপৰ সময়ত টীম ইণ্ডিয়াৰ প্লেয়িং ইলেভেনত খেলিবলৈ সাজু হৈছে। ৰাহুল আৰু ৰোহিত শৰ্মা খেলৰ উদ্বোধনৰ বাবে দায়বদ্ধ হ'ব। কে এল ৰাহুল টি-২০ বিশ্বকাপত ভাৰতৰ বাবে মেচ বিজয়ী হিচাপে প্ৰমাণিত হ'ব পাৰে।
Comments