গুৱাহাটী, ৮ অক্টোবৰঃ ৩ অক্টোবৰত লখিমপুৰ খেৰীত কৃষকৰ প্ৰতিবাদৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাত ৪ জন কৃষকসহ ৯ জন লোক নিহত হোৱাৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ত চলি থকা গোচৰটোৰ সন্দৰ্ভত ন্যায়লয়ে শুকুৰবাৰে কয় যে, "লখিমপুৰ খেৰী হিংসাৰ গোচৰত ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা পদক্ষেপত ন্যায়ালয় অসন্তুষ্ট হৈছে।"
ন্যায়ালয়ে লগতে চৰকাৰখনক দায়িত্বশীল ব্যৱস্থাপ্ৰণালীৰে কাম কৰাৰ লগতে আৰক্ষীয়ে উচিত তদন্ত কৰিব বুলি আশা কৰিছে। শীৰ্ষ ন্যায়ালয়ে লগতে এইটোও লক্ষ্য কৰিছিল যে গোচৰটো চি বি আইক হস্তান্তৰ কৰাটোৱে সমাধানৰ পথ মুকলি নকৰে।
মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ নেতৃত্বত আৰু ন্যায়াধীশ সূৰ্য কান্ত আৰু হিমা ক'হলীক লৈ গঠিত এখন বিচাৰমণ্ডলীয়ে কয় যে, "ৰাজ্যখনে গ্ৰহণ কৰা পদক্ষেপত ন্যায়ালয় সন্তুষ্ট নহয়।"
ইপিনে, শীৰ্ষ ন্যায়ালয়ে বিষয়টোৰ পৰৱৰ্তী শুনানি আগন্তুক ২০ অক্টোবৰ তাৰিখে অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে।
Comments