Cartoon
View Older
গুৱাহাটী, ৮ অক্টোবৰঃ নাছাৰ হাবল টেলিস্কোপে প্ৰায়ে মহাকাশৰ বিৰল দৃশ্যসমূহ আৱদ্ধ কৰি সকলোকে আচৰিত কৰি আহিছে। ঠিক তেনেকৈ নাছাই আকৌ এবাৰ হাবল স্পেচ টেলিস্কোপৰ দ্বাৰা এক বিৰল নান্দনিক দৃশ্য আৱদ্ধ কৰিবলৈ সক্ষম হৈছে।
নাছাই ইনষ্টাগ্ৰাম হেণ্ডেলত এটা ভিডিঅ' চমু ক্লিপ শ্বেয়াৰ কৰিছে, য'ত শনিৰ 'মুন পেৰেড' (উপগ্ৰহৰ শৃংখল) দেখুওৱা হৈছে। ইয়াক হাবল টেলিস্কোপৰ দ্বাৰা ৰেকৰ্ড কৰা হৈছে। নাছাৰ হাবল টেলিস্কোপে আগতে মহাকাশৰ এনে বিৰল দৃশ্যবোৰ আৱদ্ধ কৰি ৰাখিবলৈ সক্ষম হৈছিল।
নাছাই শেহতীয়াকৈ শ্বেয়াৰ কৰা ভিডিঅ' ক্লিপটোত শনিৰ চাৰিটা উপগ্রহ দেখা গৈছে। নাছাই ক্লিপটো শ্বেয়াৰ কৰি লিখিছিল, "টাইম ফৰ এ মুন পেৰেড।" নাছাই শ্বেয়াৰ কৰা এই ক্লিপটোত, চাৰিটা মহাকাশীয় উপগ্রহ শনি গ্ৰহৰ চাৰিওফালে এটাৰ পিছত এটা এডাল ৰেখাত ঘূৰি থকা দেখা গৈছে।
Comments