গুৱাহাটী,১১ অক্টোবৰ:অংকিতা জৈন ত্যাগী আৰু বৈশালী জৈন দুগৰাকী ভগ্নী যিয়ে ভাৰতৰ আটাইতকৈ কঠিন পৰীক্ষা ইউ পিএছচিত একেলগে উত্তীৰ্ণ হৈছে।দুই ভগ্নীয়ে একেলগে পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰিছিল আৰু দুয়োজনেই শীৰ্ষ স্থান লাভ কৰিছিল।
ডাঙৰ ভগ্নী অংকিতা জৈন ত্যাগী ইউপিএছচিৰ অসামৰিক সেৱা পৰীক্ষাত সৰ্বাধিক নম্বৰ লাভ কৰা প্ৰাৰ্থীসকলৰ ভিতৰত এগৰাকী আছিল।তেওঁ সৰ্বভাৰতীয় পৰ্য্যায়ত ৩ নম্বৰ স্থান লাভ কৰিছিল আৰু আইএএছ বিষয়া হ'বলৈ সাজু একপ্ৰকাৰে সাজু হৈছে। আগ্ৰাৰ বাসিন্দা তথা শীৰ্ষস্থান দখল কৰা ছাত্ৰী গৰাকীয়ে তেওঁৰ সফলতাৰ কৃতিত্ব তেওঁৰ পৰিয়ালৰ লগতে বিশেষকৈ তেওঁৰ ভগ্নীক দিয়ে। দুয়োগৰাকী ভগ্নীয়ে একেলগে পৰীক্ষাৰ প্ৰস্তুতি চলাইছিল আৰু সৰু ভগ্নী বৈশালীয়ে সৰ্বভাৰতীয় পৰ্যায়ত ২১ তম স্থান দখল কৰিছিল। অংকিতাই অলপতে অভিনৱ ত্যাগীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছে, যি এজন সুদক্ষ আইপিএছ বিষয়া। পত্নীক অসামৰিক সেৱাৰ বাবে প্ৰস্তুত কৰাত আইপিএছ বিষয়া অভিনৱ ত্যাগীয়েও যথেষ্ট সহায় কৰিছিল।
Photo:Ankita Jain
দুয়োগৰাকী ভগ্নীয়ে একেলগে নোটছ ভাগ বতৰা কৰা বুলি দাবী কৰে আৰু তেওঁলোকৰ সমগ্ৰ যাত্ৰাত ইজনে সিজনক অনুপ্ৰাণিত হৈ থকাত সহায় কৰিছিল। দুয়োজনে কয় যে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ আগতে প্ৰথমে ইয়াৰ পাঠ্যক্ৰমৰ সৈতে পৰিচিত হোৱাটো গুৰুত্বপূৰ্ণ আৰু তাৰ পিছত মৌলিক বিষয়বোৰ স্পষ্ট হোৱাটো দৰকাৰ।অংকিতাই কৈছিল যে পূৰ্বতে হোৱা বিফল প্ৰচেষ্টাই তেওঁক পৰীক্ষাৰ আৰ্হি ভালদৰে বুজি পোৱাত সহায় কৰিছিল। অংকিতা হৈছে ডাঙৰ ভগ্নী যি বিবাহিত আৰু ব্যক্তিগত অনুষ্ঠান এটাত কাম কৰি আছে।পৰীক্ষাত সফলতা দেখুওৱাৰ বাবে তেওঁক চাৰি বছৰৰ সময় লাগিছিল আৰু তেওঁ চাকৰি আৰম্ভ কৰাৰ আগতেই প্ৰিলিমছৰ বাবে পঢ়ি সাজু হৈছিল।
ইউ.পি.এছ.চি. চি.এছ.ই.-ৰ বাবে প্ৰস্তুতি কৰাটো তেওঁৰ বাবে সহজ নাছিল কিন্তু এটা কঠোৰ সময় ব্যৱস্থাপনাৰ যোগেৰে তেওঁ সেই লক্ষ্যত উপনীত হৈছিল অৰ্থাৎ এখন স্থায়ী ৰুটিনে তেওঁক যথেষ্ট সহায় কৰিছিল।তেওঁ লগতে কয় যে শিক্ষাৰ্থীসকলে তেওঁলোকৰ লক্ষ্যৰ ওপৰত গুৰুত্ব দিব লাগে আৰু ইফালে সিফালে ঘূৰি ফুৰাৰ সলনি সেই লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰস্তুতি চলোৱা উচিত।
Comments