Choose Language

  • All  
  • English
  • অসমীয়া

টি-২০ বিশ্বকাপত প্ৰথমবাৰৰ বাবে খেলিব এই ৭ গৰাকী ক্ৰিকেটাৰে


Published on October 11, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

টি-২০ বিশ্বকাপৰ পূর্বে টীম ইণ্ডিয়াত হ'ব পাৰে ডাঙৰ পৰিৱৰ্তন, হাৰ্দিক পাণ্ডিয়াৰ সলনি এইগৰাকী খেলুৱৈয়ে পাব পাৰে সুযোগ


Published on October 11, 2021|News Source : অৰূপ ডেকা


গুৱাহাটী, ১১ অক্টোবৰঃ ১৭ অক্টোবৰৰ পৰা ইউনাইটেড আৰৱ ইমিৰেটছৰ মাটিত টি-২০ বিশ্বকাপ অনুষ্ঠিত হ'ব। এই গুৰুত্বপূৰ্ণ আইচিচি টুৰ্ণামেণ্টখনৰ আগতে টীম ইণ্ডিয়াত এটা ডাঙৰ পৰিৱৰ্তন হ'ব পাৰে। শেহতীয়াকৈ এক বিশেষ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি হাৰ্দিক পাণ্ডিয়াৰ ঠাইত আন এজন খেলুৱৈয়ে সুযোগ পাব পাৰে। চেতন শৰ্মাৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বিচিচিআই) বাছনি সমিতিয়ে টি-২০ বিশ্বকাপৰ বাবে ১৫ জনীয়া দলত এজন দ্ৰুত বলাৰক অন্তৰ্ভুক্ত কৰাৰ বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে, কিয়নো অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই আই পি এলত তেওঁৰ দল মুম্বাই ইণ্ডিয়ানছৰ হৈ বলিং কৰা নাই।

হাৰ্দিক পাণ্ডিয়াৰ বলিংক লৈ থকা শংকাৰ মাজতে, বিচিচিআইৰ দলটোত পৰিৱৰ্তন কৰিবলৈ এতিয়াও আৰু পাঁচ দিন (১৫ অক্টোবৰ) সময় আছে। আইচিচিয়ে চুপাৰ-১২ গ্ৰুপ দলৰ বাবে অন্তিম ১৫ টা পৰিৱৰ্তনৰ সময়সীমা ১৫ অক্টোবৰলৈ বৃদ্ধি কৰিছে। প্ৰথম পৰ্যায়ত অংশগ্ৰহণ কৰা দলবোৰৰ বাবে পৰিৱৰ্তনৰ সময়সীমা আছিল ১০ অক্টোবৰৰ মাজনিশা (ইউ.এ.ই.ৰ সময় অনুসৰি)। 

দুবছৰ আগতে পিঠিত আঘাতপ্রাপ্তৰ হোৱা হাৰ্ডিক পাণ্ডিয়াই অস্ত্ৰোপচাৰৰ পৰা উভতি অহাৰ পিছত বেছি বলিং কৰা নাই। তেওঁ বিশ্বকাপত বলিং কৰিব নে কেৱল বেটিংত মনোনিবেশ কৰিব সেয়া এতিয়াও সন্দেহৰ আৱৰ্তত।

বিচিচিআইৰ এজন জ্যেষ্ঠ সূত্ৰই জানিবলৈ দিয়া অনুসৰি, "ভাৰতৰ ১৫ জনীয়া মুখ্য দলটোত কমেও এজন দ্ৰুত বলাৰৰ অভাৱ আছে। বি চি চি আইয়ে শাৰ্দুল ঠাকুৰ আৰু দীপক চাহাৰৰ দৰে বিকল্পৰ অভিজ্ঞতা লাভ কৰিছে। শাৰ্দুলে নিজকে এজন বলিং অলৰাউণ্ডাৰ হিচাপে প্ৰমাণ কৰি দেখুৱাইছে, আনহাতে দীপক চাহাৰে শ্ৰীলংকাত তেওঁৰ বেটিংৰ ক্ষেত্রত নিজৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।

সূত্ৰটোৱে লগতে কৈছিল, "যদি হাৰ্দিকে বলিং কৰিবলৈ সক্ষম নহয়, সমিতিয়ে এই দুয়োজনৰ যিকোনো এজন খেলুৱৈক দলত অন্তৰ্ভুক্ত কৰিব পাৰে।" ইপিনে, নিৰ্বাচকসকলে হাৰ্ডিকৰ লগতে আঁঠুৰ সমস্যাত ভুগি থকা স্পিনাৰ বৰুণ চক্ৰৱৰ্তীৰ নাম আলোচনা কৰিব পাৰে। কিয়নো, যদিহে বৰুণ দলৰ অংশ হ'ব নোৱাৰে তেন্তে বৰুণৰ একমাত্ৰ বিকল্প খেলুৱৈগৰাকী হৈছে যুজবেন্দ্ৰ চাহাল।


Published on January 1, 1970|News Source :
Cartoon
View Older

 

October 21, 2021


Entertainment
View Older

North-East
View Older

From Our Archive

Create Account