গুৱাহাটী, ১১ অক্টোবৰঃ অসমৰ বিভিন্ন কাৰাগাৰৰ প্ৰায় ১১৪ জন কয়দী এইচ আই ভি পৰীক্ষাত পজিটিভ হিচাপে চিনাক্ত হয়। ইয়াৰ বেছিভাগ কয়দী ড্ৰাগছ আসক্ত বুলি জানিব পৰা গৈছে।
ইপিনে, মধ্য অসমৰ নগাঁও জিলাৰ এজন স্বাস্থ্য বিষয়াই কৈছিল যে, "বিচাৰাধীন সহ প্ৰায় ৮৫ জন কাৰাগাৰৰ কয়দীয়ে শেহতীয়াকৈ কেন্দ্ৰীয় কাৰাগাৰ আৰু নগাঁৱৰ বিশেষ কাৰাগাৰত এইচ আই ভি পৰীক্ষাত পজিটিভ হিচাপে চিনাক্ত হৈছে।"
বিষয়াজনে লগতে কৈছিল যে, "বেছিভাগ কয়দী ড্ৰাগছ আসক্ত আৰু ইয়াৰে বেছিসংখ্যক কয়দী চিৰিঞ্জৰ দ্বাৰা ড্ৰাগছৰ বেজী লোৱা লোক।"
আনহাতে, অসম, মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা আৰু অন্যান্য উত্তৰ-পূবৰ ৰাজ্যসমূহৰ নিৰাপত্তাৰক্ষীয়ে ড্ৰাগছ উৎপীড়নকাৰী আৰু সৰবৰাহকাৰী, মুখ্যতঃ যুৱক-যুৱতীক লৈ গঠিত হাজাৰ হাজাৰ সৰবৰাহকাৰীক নাৰ্কোটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক চাবষ্টেন্স এক্ট, ১৯৮৫ৰ অধীনত গ্ৰেপ্তাৰ কৰিছে।
Comments