Cartoon
View Older
গুৱাহাটী, ১১ অক্টোবৰঃ সোমবাৰে কেৰেলাৰ কোল্লাম জিলাৰ আদালতে সূৰজ নামৰ এজন ব্যক্তিক ফেটি সাপৰ দ্বাৰা দংশন কৰোৱাই তেওঁৰ পত্নীক হত্যা কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰে।
কোল্লামৰ অতিৰিক্ত সত্ৰ আদালতৰ ন্যায়াধীশ এম মনোজে উৎহাৰৰ হত্যাকাৰী স্বামী সুৰজক (২৫) দোষী সাব্যস্ত কৰি শাস্তিৰ ৰায় প্ৰদান কৰে।
ইপিনে, আৰক্ষীয়ে দাখিল কৰা প্ৰতিবেদন অনুসৰি, সুৰেশ নামৰ এজন ব্যক্তিয়ে সূৰজক সাপবোৰ দিছিল। সূৰজে প্ৰথমে ১০,০০০ টকাত এডাল বিষাক্ত সাপ ক্ৰয় কৰিছিল আৰু প্ৰথম প্ৰচেষ্টাত বিফল হোৱাৰ পিছত, সুৰেশে তেওঁক ১০,০০০ টকাত এডাল ফেটি সাপ যোগান ধৰিছিল।
Comments