গুৱাহাটী, ১২ অক্টোবৰঃ বিৰাট ক'হলীয়ে সোমবাৰে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে তেওঁৰ আই পি এল অধিনায়কত্বৰ অন্তিমখন খেল খেলিছিল। বিৰাট ক'হলীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে তেওঁ এই আই পি এল ছিজনৰ পিছত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ (আৰচিবি) অধিনায়কত্ব ত্যাগ কৰিব। তেওঁৰ অধিনায়কত্বৰ অন্তিম খন আই পি এল খেলত ক'হলীৰ হৃদয় আৱেগেৰে ভৰি পৰিছিল।
আই পি এলত এজন খেলুৱৈ আছিল, যিয়ে এই খেলখনত ক'হলীৰ প্ৰতিদ্বন্দী বুলি প্ৰমাণিত হৈছিল আৰু যোৱাৰ সময়তো ক'হলীক মোক্ষম আঘাত দি গৈছিল। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ (আৰচিবি) সোমবাৰে আই পি এলৰ ২০২১ চনৰ এলিমিনেটৰ মেচত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ৪ উইকেটত পৰাজিত হোৱাৰ পিছত ফাইনেলৰ পৰা বাহিৰ হৈছিল। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে শেহতীয়া শিতানৰ পৰা বাহিৰ হোৱাৰ লগতে আই পি এলৰ চেম্পিয়ন হোৱাৰ সপোন চূৰ্ণ-বিচূৰ্ণ হৈ গৈছিল।
ক'হলীৰ এই প্ৰতিদ্বন্দী গৰাকী অইন কোনো নহয়, কলকাতা নাইট ৰাইডাৰ্ছৰ (কেকেআৰ) স্পিনাৰ সুনীল নাৰায়ন। সুনীল উক্ত খেলখনত ক'হলীৰ বাবে আটাইতকৈ ডাঙৰ প্ৰতিদ্বন্দী হিচাপে প্ৰমাণিত হৈছিল। সুনীল নাৰায়নে বল আৰু বেটৰ সুন্দৰ প্ৰদৰ্শন দেখুৱাই ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰক পৰাজয়ৰ দিশে ঠেলি দিয়ে। সুনীল নাৰায়নে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে ৪ অভাৰত ২১ ৰাণত ৪ টা উইকেট দখল কৰে।
Comments