গুৱাহাটী,১৫ অক্টোবৰ : অসমীয়া বৈষ্ণৱ ধৰ্মৰ সৃষ্টিকৰ্তা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৫৭৩ সংখ্যক আবিৰ্ভাৱ তিথি৷ গুৰুজনাৰ ৫৭৩ সংখ্যক জন্ম জয়ন্তী মহোৎসৱত গুৰুজনাৰ বন্দনাৰে মুখৰিত হ’ব সমগ্ৰ ৰাজ্য ৷
আলোকেৰে পুলকিত হৈ পৰিব শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ লগতে গুৰুজনাই স্থাপন কৰা বৰপেটা সত্ৰ, ঢেকীয়াখোৱা বৰনামঘৰ, মাজুলীৰ সত্ৰসমূহ ৷প্ৰতিবছৰে সত্ৰ, নামঘৰৰ উপৰিও বিভিন্নজনে ব্যক্তিগতভাৱেও মাহ-প্ৰসাদ বিতৰণ কৰি আনন্দ-উল্লাসৰ গুৰুজনাৰ জন্ম জয়ন্তী উদযাপন কৰা হয় । অৱশ্যে কৰ’নাসৃষ্ট পৰিৱেশৰ বাবে এইবেলিও অনুষ্টুপীয়াকৈ আয়োজন কৰা হ’ব মহাপুৰুষগৰাকীৰ জন্ম জয়ন্তী ৷
সীমিত সংখ্যক ভকত-বৈষ্ণৱৰ উপস্থিতিত হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিব ৰাজ্যৰ সত্ৰসমূহ ৷ধৰ্মীয় ইতিহাসৰ এগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তি আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৷ অসমীয়া সমাজ জীৱনত বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তন কৰাৰ লগতে সংগীতৰ অন্য এক ৰূপ বৰগীত, অংকীয়া নাট, ভাওনা, সত্ৰীয়া নৃত্য আদিৰ সৃষ্টি কৰিছিল মহাপুৰুষ জনাই ৷ মহাপুৰুষ জনাই ৰচনা কৰা ব্ৰজাৱলী ভাষাৰ বহু নাম-কীৰ্তন অসমীয়া সমাজৰ সৰ্বত্ৰে বিয়পি পৰে ৷সম্পূৰ্ণ সাত্ত্বিক তথা আধ্যাত্মিক পৰিৱেশৰ সূচনা কৰি এনেদৰে ৰাজ্যত বৈষ্ণৱ নামৰ এক নতুন ধৰ্মৰ প্ৰৱৰ্তন কৰিছিল শংকৰ গুৰুৱে ৷
Comments