গুৱাহাটী, ১৬ অক্টোবৰঃ সকলো মানুহে নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিব বিচাৰে। ইয়াৰ বাবে, মানুহে জীৱনটোত কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয়। কিন্তু যদিহে কেতিয়াবা বিফলতাই হেঙাৰ হিচাপে ঠিয় দিয়ে, তেতিয়া প্ৰায়ে মানুহে মনোবল হেৰুৱাই ভুল পদক্ষেপ গ্ৰহণ কৰে। এনে এজন যুৱকৰ বিষয়ে উল্লেখ কৰা হৈছে, যিয়ে কেৱল কম বয়সতে বৃহৎ সফলতা অৰ্জন কৰাই নহয়, জীৱনত বহুতো বিফলতাই মূৰ দাঙি উঠা স্বত্বেও কেতিয়াও হাৰ মনা নাছিল আৰু বিপথে পৰিচালিত হোৱা নাছিল।
সেই বিশেষ ব্যক্তিগৰাকী হৈছে আইপিএছ বিষয়া মনোজ কুমাৰ শৰ্মা। মনোজ দ্বাদশ শ্ৰেণীত বিফল হৈছিল৷ কিন্তু তৎস্বত্ত্বেও, তেওঁ কেতিয়াও হাৰ মনা নাছিল আৰু দেশৰ আটাইতকৈ কঠিন পৰীক্ষাত উত্তীৰ্ণ হৈ এগৰাকী আই পি এছ বিষয়া হ'বলৈ সক্ষম হৈছিল।
তেওঁৰ সফলতাৰ কাহিনী অতি আকৰ্ষণীয় আৰু শিক্ষাৰ্থীসকলৰ বাবে অনুপ্ৰেৰণা দায়ক। মধ্য প্ৰদেশৰ মোৰেনা জিলাৰ বাসিন্দা মনোজ শৰ্মাই সৰুৰে পৰা এজন আইএএছ বিষয়া হ'ব বিচাৰিছিল, কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁ দ্বাদশ শ্ৰেণীত বিফল হৈছিল। কেৱল সেয়াই নহয়, তেওঁ নৱম আৰু দশম শ্ৰেণীত তৃতীয় বিভাগত উৰ্ত্তীণ হৈছিল। দ্বাদশ শ্ৰেণীত, মনোজে হিন্দীৰ বাহিৰে সকলো বিষয়ত ফেইল কৰিছিল। অৱশ্যে, বহুতো বিফলতা স্বত্বেও, মনোজে নিজৰ আত্মবিশ্বাস কেতিয়াও হেৰুওৱা নাছিল। তেওঁ নিজৰ লক্ষ্যৰ পৰা আঁতৰি অহা নাছিল আৰু দেশৰ আটাইতকৈ সন্মানীয় পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল।
মনোজে তেওঁৰ আত্মজীৱনীৰ 'টুৱেল্থ ফেইল'ত উল্লেখ কৰিছে যে, পঢ়ি থাকোতে তেওঁ গোৱালিয়ৰত এখন টেম্পো চলাইছিল। তেওঁৰ ঘৰৰ পৰিস্থিতি ইমানেই বেয়া আছিল যে তেওঁৰ থকা ঘৰৰ ওপৰত চাল নাছিল। ইয়াৰ বাবে, তেওঁ মগনীয়াৰ সৈতেও শুব লগা হৈছিল। কিন্তু তেওঁৰ কঠোৰ সংগ্ৰামে তেওঁক আকাশৰ উচ্চতালৈ লৈ গৈছিল। তেওঁ দিল্লীত পুথিভঁৰালৰ পিয়ন হিচাপে কাম কৰিছিল, য'ত তেওঁ গৰ্কি আৰু আব্ৰাহাম লিংকনৰ পৰা মুক্তবোধলৈকে বহুতো ডাঙৰ লোকৰ বিষয়ে পঢ়িছিল, আৰু তেওঁলোকে কৰা কামবোৰ বুজি পাইছিল। এই কিতাপবোৰ পঢ়াৰ পিছত, তেওঁ জীৱনৰ প্ৰকৃত দিশবোৰ বুজি পাইছিল।
ইপিনে, দ্বাদশ শ্ৰেণীত পঢ়ি থাকোতে মনোজে এগৰাকী ছোৱালীৰ প্ৰেমত পৰিছিল। কিন্তু তেওঁ কেতিয়াও তেওঁৰ প্ৰতি তেওঁৰ প্ৰেমৰ অনুভব প্ৰকাশ কৰিব নোৱাৰিলে। তেওঁ ভয় কৰিছিল যে ছোৱালীজনীয়ে তেওঁৰ প্ৰেমক প্ৰত্যাখ্যান কৰিব, কিয়নো তেওঁ দ্বাদশ শ্ৰেণীত ফেইল কৰিছিল। কিন্তু, তেওঁ অৱশেষত ছোৱালীজনীৰ প্ৰতি তেওঁৰ প্ৰেমৰ অনুভব ব্যক্ত কৰি কৈছিল, "আপুনি মোৰ প্ৰেমৰ প্ৰস্তাৱ স্বীকাৰ কৰক, আপোনাক মই কথা দিলো, এদিন আপোনাক মই গোটেই পৃথিৱীখন ফুৰাব লৈ যাম।"
তাৰ পিছত ছোৱালীজনীয়ে মনোজৰ প্ৰস্তাৱ স্বীকাৰ কৰাত, মনোজেও দিয়া কথা অনুসৰি কঠোৰ পৰিশ্ৰম কৰিবলৈ লয় আৰু অৱশেষত ইউপিএছচি পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়৷ তেওঁ ২০০৫ বৰ্ষৰ মহাৰাষ্ট্ৰ কেডাৰৰ পৰা আইপিএছ হৈছিল৷ তেওঁ বৰ্তমান মুম্বাইৰ পশ্চিম অঞ্চলৰ অতিৰিক্ত আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰিছে।
Comments