Choose Language

  • All  
  • English
  • অসমীয়া

টি-২০ বিশ্বকাপ; পাকিস্তানৰ বিৰুদ্ধে প্লেয়িং ইলেভেনৰ পৰা বাদ পৰিব হাৰ্দিক পাণ্ডিয়া, প্ৰকাশ পাইছে আচৰিত কাৰণ


Published on October 18, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

ডিগবৈৰ সাংবাদিক হীৰা ফুকনক বঁটা প্ৰদান


Published on October 17, 2021|News Source : মনোৰঞ্জন মৰাণ, তিনিচুকীয়া, জনমভূমি

তিনিচুকীয়া, ১৭ অক্টোবৰঃ সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে গ্ল'ৱেল চেম্বাৰ্চ অফ কৰ্মাৰ্চ  ইণ্ডাষ্ট্ৰিজ্ এণ্ড এগ্ৰিকালচাৰ (জিচিচিআইএ) নামৰ এটা ৰাষ্ট্ৰীয় সন্থাই প্ৰকৃতি সুৰক্ষা পৰিষদৰ সহযোগত  বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিলৈ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰি আহিছে । এইবাৰ এই বঁটা আন কেইবাজনৰ লগতে তিনিচুকীয়া জিলাৰ ডিগবৈৰ সাংবাদিক হীৰা ফুকনে লাভ কৰিলৈ সক্ষম হয়।

"দীন দয়াল উপাধ্যায় লিডাৰশ্বিপ্" ৰাষ্ট্ৰীয়  বঁটা লাভ কৰা ব্যক্তিসকলক আনুষ্ঠানিক ভাৱে এই বঁটা নতুন দিল্লীত প্ৰদান কৰা হয়৷ নতুন দিল্লীস্থিত ৱাই এম চি এ পেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত ট্ৰফী, মেডেল, মানপত্ৰ সহ এখনি বস্ত্ৰৰে বঁটা প্ৰাপ্তসকলক সন্মান জনায়। বঁটা প্ৰদান অনুষ্ঠানত মূখ্য অতিথি হিচাপে সংখ্যালঘু উন্নয়ণ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জন বাৰ্লাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু কেইজন গণ্য-মান্য ব্যক্তি উপস্থিত আছিল৷

উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি বুটলিবলৈ সক্ষম হোৱা হীৰা ফুকনে  ইয়াৰ পূৰ্বেও ২০১৪ বৰ্ষত মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ  দ্বাৰা আয়োজিত  গণৰাজ্য দিৱসত সংবাদদাতা আৰু সমাজসেৱক বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। প্ৰয়াত কুলনাথ ফুকন আৰু অঞ্জলী ফুকনৰ সুযোগ্য পুত্ৰ  হীৰা ফুকন তিনিচুকীয়া জিলাৰ ডিগবৈৰ ৰামনগৰৰ  নিবাসী।

 সাংবাদিক হীৰা ফুকনক আসাম প্ৰেছ ক'ৰেছপ'ণ্ডেণ্টছ্ ইউনিয়ন (আপকু) তিনিচুকীয়া জিলা সমিতি আৰু জাৰ্নেলিষ্ট ইউনিয়ন অৱ অসমৰ তিনিচুকীয়া জিলা সমিতিয়ে অভিনন্দন জ্ঞাপন কৰিছে।

Cartoon
View Older

 

December 2, 2021


Entertainment
View Older


From Our Archive

Create Account