Choose Language

  • All  
  • English
  • অসমীয়া
0
0
6546

আপোনাৰ সন্তানক দৈনিক এই বস্তুবোৰ খুৱাওক, মগজু দ্ৰুতগতিত চলিব লগতে স্মৃতিশক্তিও হৈ পৰিব শক্তিশালী


Published on October 19, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

আপুনিও ফুস্কা খাই ভাল পাই নেকি! ইয়াৰ ভাল আৰু বেয়া গুণাগুণবোৰ জানক


Published on October 18, 2021|News Source : অৰূপ ডেকা


গুৱাহাটী, ১৮ অক্টোবৰঃ পানীপুৰী বা ফুস্কা হৈছে দেশৰ আটাইতকৈ পছন্দৰ খাদ্য। ইয়াক খাবলৈ সকলোৱে ভাল পায়, আনকি ফুস্কাৰ নাম শুনিলে বহুটো লোকৰ মুখত পানী আহে। ই কেৱল সোৱাদৰ বাবেই নহয়, স্বাস্থ্যৰ বাবেও অত্যন্ত উপকাৰী বুলি গণ্য কৰা হয়। 

বিশেষজ্ঞৰ মতে ফুস্কাই শৰীৰৰ ওজন হ্ৰাস কৰাত যথেষ্ট কাৰ্যকৰী। ইয়াক খোৱাৰ ফলত শৰীৰক যথেষ্ট কেলৰি প্ৰদান কৰে আৰু পেট দীঘলীয়া সময়ৰ বাবে ভৰি থাকে। ফুস্কা খোৱাৰ লগতে, প্ৰতিদিনে ব্যায়াম আৰু খোজ কঢ়াটো অতিকৈ প্ৰয়োজনীয়। আনকি মুখত আলচাৰ হ'লে ফুস্কাৰ লগত পৰিৱেশন কৰী পানীৰ তীক্ষ্ণতা আৰু টেঙা প্ৰভাৱে ফোঁহা আঁতৰ কৰাত সহায় কৰে। অৱশ্যে ইয়াক অত্যাধিক হাৰত খোৱাটো উচিত নহয়।

ফুস্কাৰ লাভালাভবোৰৰ বিষয়ে ক'ব গ'লে ই এচিডিটিৰ পৰা সকাহ দিয়ে। লগতে ময়দাৰে বনোৱা পানীপুৰীৰ সৈতে পৰিৱেশন কৰা পানীত জালজিৰা, পুদিনা, কেঁচা আমৰ গুড়ি, ক'লা নিমখ, জালুক, জিৰা গুড়ি আৰু সাধাৰণ নিমখ মিহলি হৈ থাকে। এই সকলোবোৰ বস্তুৰ মিশ্ৰণে কেইমিনিটমানৰ ভিতৰতে এচিডিটিৰ পৰা পৰিত্ৰাণ কৰে।

গৰমৰ সময়ছোৱাত আপুনি অত্যাধিক হাৰত পানী সেৱন কৰি মানুহ বিৰক্ত হৈ পৰে। ইয়াৰ সলনি যদিহে আপুনি ঘৰত বনোৱা ফুস্কা আৰু ইয়াৰ লগত খোলা পানী সেৱন কৰে আপুনি সম্পূৰ্ণ সতেজ অনুভৱ কৰিব।

ফুস্কাৰ পানীয়ে হজম শক্তি উন্নত কৰাত সহায় কৰে। ইয়াত থকা পদিনা পাতবোৰ এণ্টিঅক্সিডেণ্টেৰে পৰিপূৰ্ণ। ই বিষ হ্ৰাস কৰাৰ লগতে চৰ্দি আৰু কাহৰ পৰাও উপশম কৰে।

ফুস্কাৰ পৰা হ'ব পৰা সমস্যাসমূহঃ

ফুস্কা খোৱাৰ ভাল গুণাগুণৰ লগতে ইয়াৰ কিছুমান বেয়া গুণাগুণ আছে। অত্যাধিক ফুস্কা খালে ডায়েৰিয়া, ডিহাইড্ৰেচন, বমি, জণ্ডিচ, পাচনশক্তি প্ৰভাৱিত কৰা, মৃদু বা তীক্ষ্ণ পেটৰ বিষ আৰু পেট ফুলা আদিৰ দৰে সমস্যা হ'ব পাৰে। ফুস্কা বেছিকৈ খোৱাৰ ফলত ৰক্তচাপৰ সমস্যা বৃদ্ধি হ'ব পাৰে।কিয়নো, ইয়াত ফুস্কাৰ পানীত বৃহৎ পৰিমাণত নিমখ ব্যৱহাৰ কৰা হয়, যি ৰক্তচাপ বৃদ্ধি কৰে। ইয়াৰ উপৰিও, ফুস্কা ভাজিবলৈ ব্যৱহাৰ কৰা তেল কেইবাবাৰো ব্যৱহৃত হয়।

ফুস্কা খাবলৈ এইবোৰ নিয়ম অৱলম্বন কৰাটো স্বাস্থ্যৰ বাবে উপকাৰী। 

১. ফুস্কাৰ পানী ঘৰত বনাব লাগে।

২. চুজিৰ সলনি, ময়দাৰে বনোৱা ফুস্কা খাব লাগে।

৩. ফুস্কাত আলুৰ সলনি বইল কৰা উতলা বুট ব্যৱহাৰ কৰাটো উচিত।

৪. আপুনি ৰঙা চাটনিৰ সলনি দৈ ব্যৱহাৰ কৰিব পাৰে।

Cartoon
View Older

 

December 2, 2021


Entertainment
View Older


From Our Archive

Create Account