গুৱাহাটী,১৮ অক্টোবৰ:দেওবাৰৰ দিনাখন পেট্ৰ'ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৩৫ পইচা বৃদ্ধি কৰা হৈছিল। সমগ্ৰ দেশতে পেট্ৰ'ল আৰু ডিজেলৰ মুদ্ৰাস্ফীতিয়ে এক নতুন অভিলেখ গঢ়িছে। বিমানত ভৰ্তি হ'ব লগা এভিয়েচন টাৰ্বাইন ইন্ধন (এটিএফ) তকৈও পেট্ৰ'ল ৩৩ শতাংশ অধিক ব্যয়বহুল হৈ পৰিছে। এটিএফক প্ৰায় ৭৯ টকাৰ প্ৰতি লিটাৰত ক্ৰয় কৰিব পাৰি আনহাতে দিল্লীত পেট্ৰ'লে ১০৫ টকাৰ সীমা অতিক্ৰম কৰিছে।
সকলো ৰাজ্যৰ ৰাজধানীতেই পেট্ৰ'লে ১০০ টকা অতিক্ৰম কৰিছে, ডিজেলেও বেছিভাগ ৰাজ্যত শতক অৰ্জন কৰিছে।ছেপ্টেম্বৰৰ শেষৰ পৰা পেট্ৰ'লৰ মূল্য ১৬ বাৰ আৰু ডিজেলৰ ১৯ বাৰ সলনি হৈছে। এই সময়ছোৱাত পেট্ৰ'ল ৪.৬৫ টকা আৰু ডিজেল ৫.৯৫ টকা প্ৰতি লিটাৰত ব্যয়বহুল হৈ পৰিছিল। ৪ মে'ৰ পৰা ১৭ জুলাইৰ ভিতৰত একেধৰণৰ বৃদ্ধিৰ পিছত পেট্ৰ'লৰ মূল্য ১১.৪৪ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৯.১৪ টকা বৃদ্ধি পাইছিল।
৪ খন মেট্ৰ'পলিটান চহৰৰ বৰ্তমানৰ পৰিস্থিতি:
পেট্ৰ'ল ৰ্মূল্য দিল্লীত ১০৫.৮৪ টকা. মুম্বাইত ১১১.৭৭ টকা. কলকাতাত ১০৬.৪৩ টকা আৰু চেন্নাইত ১০৩.০১
ডিজেল ৰ মূল্য দিল্লী ৯৪.৫৭, মুম্বাই ১০২.৫২, কলকাতা ৯৭.৬৮, চেন্নাই ৯৮.৯২, ৰাজস্থানৰ গংগানগৰত পেট্ৰ'ল প্ৰতি লিটাৰত সৰ্বাধিক ১১৭.৮৬ টকা আৰু ডিজেল প্ৰতি লিটাৰত ১০৫.৯৫ টকাত উপলব্ধ।
Comments