গুৱাহাটী, ১৮ অক্টোবৰঃ এইখন পৃথিৱীত এনে এবিধ উদ্ভিদ আছে, যাক কোনেও ব্যৱহাৰ কৰিব নোৱাৰি বুলি ধাৰণা কৰি লয়, সেয়া হৈছে কেকটাছ। কিন্তু বেছিসংখ্যক লোকে হয়তো নাজানে যে, কেকটাছ এজন মানুহৰ কিমান উপযোগী হ'ব পাৰে। ইয়াৰ ব্যৱহাৰে ছালক বহুতো লাভালাভ দিব পাৰে, যিবোৰৰ বিষয়ে আপুনি এতিয়ালৈকে হয়টো অজ্ঞাত আছিল। ছালক সুন্দৰ কৰিবলৈ কেকটাছ জেল ব্যৱহাৰ কৰা হয়।
কেকটাছ ব্যৱহাৰ কৰাৰ পদ্ধতিসমূহঃ
১. প্ৰথমে কেকটাচৰ ভিতৰত থকা জেলখিনি আঁতৰাই লওক।
২. তাৰ পিছত এটা বাটিত কেকটাছ জেলখিনি ৰাখক।
৩. এই জেলৰ সৈতে আধা চামুচ মৌ, আধা চামুচ ইলাচী গুড়ি আৰু অকণমান হালধি গুড়ি যোগ দি মিহলি কৰক।
৪. এই সকলোবোৰ বস্তু ভালদৰে মিহলি কৰি এটা পেষ্ট বনাওক।
৫. এই পেষ্টখিনি এতিয়া মুখ আৰু ডিঙিত প্ৰয়োগ কৰক আৰু ইয়াক শুকাবলৈ দিয়ক।
৬. যেতিয়া পেষ্টখিনি শুকাই যাব, তেতিয়া পৰিস্কাৰ পানীৰে মুখখন ধুই লওক।
• ছালত কেকটাছ জেল প্ৰয়োগ কৰাৰ লাভালাভসমূহঃ
১. ছালৰ ক'লা দাগবোৰ আঁতৰাবলৈ কেকটাছ জেল ব্যৱহাৰ কৰা হয়।
২. কেকটাছ জেলত থকা খনিজ, এণ্টিঅক্সিডেণ্ট আৰু ফেটি এচিডে ছালৰ ৰং উজ্জ্বল কৰি তোলে।
৩. তৈলাক্ত ছাল থকা লোকসকলৰ বাবে কেকটাছ জেল অতি উপকাৰী।
৪. কেকটাছ জেলে ছালৰ ৰং উন্নত কৰাত সহায় কৰে।
৫. কেকটাছ জেলে ছালৰ খহটা দাগবোৰ আঁতৰ কৰাত সহায় কৰে। লগতে ই ছালখনক সতেজ কৰি ৰাখে।
Comments