গুৱাহাটী,১৯ অক্টোবৰ:বেহাৰবাৰী আউটপ'ষ্টৰ মোহনখ্যাত অভিনেতা দ্বীপজ্যোতি কেওটে মোহিনীৰ চৰিত্ৰত অভিনয় কৰোতে ৰূপায়ণ কৰা চুম্বনৰ দৃশ্যাংশই সামাজিক মাধ্যমত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে।
সমুদ্ৰ মন্থন নামৰ নাটখনত দ্বীপজ্যোতিয়ে মোহিনীৰ চৰিত্ৰত অভিনয় কৰা সময়ছোৱাত অসুৰক চুম্বন কৰা, ‘ফ্লায়িং কিছ’ কৰা দৃশ্যই সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে অভিনেতাগৰাকীয়ে গুৰুজনাৰ সংস্কৃতিক অপমান কৰাৰো অভিযোগ উঠিছে।অসুৰক চুমা খাই ৰোষত পৰিল মোহিনীৰ চৰিত্ৰত অভিনয় কৰা মোহন।এই কাৰ্যৰ বাবে অভিনেতা দ্বীপজ্যোতি সন্মুখীন হৈছে তীব্ৰ সমালোচনাৰ৷
ভাওনা সংস্কৃতিক বিকৃত ৰূপত উপস্থাপনক লৈ শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মাজুলীৰ চামগুৰি সত্রৰ সত্ৰাধিকাৰ হেমচন্দ্ৰ গোস্বামীয়ে ৷ তেওঁ কয়, ভাওনাৰ এটা মৌলিকতা আছে, ব্যংগাত্মক কৰিবলৈ গৈ ভাওনাক নিজস্ব মৌলিকতাৰ পৰা আঁতৰাব নালাগে ৷ লগতে তেখেতে কয়, তেওলোক যি বিভাগৰ মানুহ তাতে থাকক ৷ হাঁহিৰ খোৰাক দিবলৈ গৈ এনেদৰে ভাওনাৰ আধ্যাত্মিকতাক বিনাশ কৰিব নালাগে ৷
Comments