গুৱাহাটী, ১৯ অক্টোবৰঃ যদি আপুনি পুৰণি মুদ্ৰা বা নোট সংগ্ৰহ কৰিবলৈ ভাল পায়, তেনেহ'লে আপুনিও ক্ষন্তেকতে কোটিপতি হ'ব পাৰিব। কেতিয়াবা মানুহে বহুতো পুৰণি মুদ্ৰা ৰাহি কৰে। বৰ্তমান এই মুদ্ৰাবোৰে আপোনাক কোটিপতি হোৱাৰ সুযোগ প্ৰদান কৰিব। কিয়নো, মুদ্ৰাবোৰৰ মূল্য বৰ্তমান অধিক হাৰত বৃদ্ধি পাইছে। ইয়াৰ বাবে আপুনি লাখ টকা পৰ্যন্ত পাব পাৰে। আনকি ই আপোনাক কোটিপতি হোৱাৰো সুযোগ প্ৰদান কৰিব পাৰে।
শেহতীয়াকৈ, এটা ১ টকীয়া মুদ্ৰা ১০ কোটি টকাত নিলাম হৈছিল। কিন্তু এই মুদ্ৰাটো এটা সাধাৰণ এটকীয়া মুদ্ৰা নাছিল, বৰঞ্চ এই মুদ্ৰাটো ব্ৰিটিছ শাসনকালৰ অন্তৰ্গত ১৮৮৫ চনৰ মুদ্ৰা। সেয়েহে, যদিহে আপোনাৰ ওচৰতো এনে ধৰণৰ মুদ্ৰা আছে, তেন্তে আপুনি ইয়াক অনলাইন নিলামৰ বাবে ৰাখিব পাৰে। অনলাইনত, আপুনি এই মুদ্ৰাটো নিলাম কৰি প্ৰায় ৯৯৯ কোটি টকালৈকে জিকিব পাৰে।
আপুনি ইণ্ডিয়া মাৰ্ট ডট কম (indiamart.com) ৱেবচাইটৰ জৰিয়তে আপোনাৰ আইডি সৃষ্টি কৰি মুদ্ৰাবোৰ নিলাম কৰিব পাৰে। তাৰ পিছত আপুনি নিলামৰ বাবে আপোনাৰ মুদ্ৰাটোৰ এখন ফটো শ্বেয়াৰ কৰিব লাগিব। ইয়াত বহুলোকে প্ৰাচীন সামগ্ৰী ক্ৰয় কৰে। পুৰণি মুদ্ৰা সংগ্ৰহ কৰা কিছুসংখ্য়ক লোকে আপোনাক ইয়াৰ বাবে ধনৰাশি প্ৰদান কৰিব।
Comments