গুৱাহাটী,২০ অক্টোবৰ:উত্তৰাখণ্ডত প্ৰচুৰ বৰষূণৰ মাজতে সংশয়পূৰ্ণ নাইনিতাল-কালাধুঙ্গিৰ মূল পথটো বুধবাৰে পুনৰ যাত্ৰীৰ বাবে মুকলি কৰা হয়। ৰাজ্যখনত মঙলবাৰে ডাৱৰ বিস্ফোৰণৰ বাবে কমেও ৪২ জন লোকৰ মৃত্যু হয়। নাইনিতাল নিমিষতে উত্তৰাখণ্ডৰ বাকী অংশৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল কিয়নো ধাৰাসাৰ বৰষুণ, ডাৱৰ বিস্ফোৰণৰ ফলত কেইবাটাও স্থানত ভূমিস্খলন হৈছিল।
উত্তৰাখণ্ডৰ ডিজিপি অশোক কুমাৰে কয়,"ধাৰাসাৰ বৰষুণৰ বাবে কালি অৱৰোধ কৰা নৈনিতাল-কালাধুঙ্গি পথপুনৰ মুকলি কৰা হৈছে। এতিয়া যান-বাহন চলাচল আৰম্ভ কৰা হৈছে। ইতিমধ্যে ৰাজ্য চৰকাৰে বৰষুণ সম্পৰ্কীয় ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকটাত্মীয়ৰ বাবে ক্ষতিপূৰণ হিচাপে ৪ লাখ টকাৰ সাহাৰ্য ঘোষণা কৰিছে।"
উত্তৰাখণ্ডত মঙলবাৰে হোৱা ৪২ জন লোকৰ মৃত্যুৰ ভিতৰত নাইনিতালত অকলে ২৮ জন লোকৰ মৃত্যু হৈছিল।পিথোৰাগড় ১ জন আৰু উধম সিং নগৰত ১ জন, আলমোৰাত ৬ জন আৰু চম্পাৱতত ৪ জন লোকৰ মৃত্যু হৈছিল।
মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কৈছিল যে,"মই দুৰ্যোগ অঞ্চল পৰিদৰ্শন কৰি আছো। চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক সকলো সম্ভৱ সহায় আগবঢ়াই আছে। য'ত কিছুমান যাত্ৰী আৱদ্ধ হৈ আছে, তেওঁলোকক সুৰক্ষিতভাৱে স্থানান্তৰ কৰিবলৈ চেষ্টা কৰি আছে। সকলো পথ খোলাৰ নিৰ্দেশনা জাৰি কৰা হৈছে। প্ৰধানমন্ত্ৰীয়েও ঘটনাটোক লৈ চিন্তিত। বায়ু সেনাৰ পৰা তিনিখন হেলিকপ্টাৰে আমাক সহায় কৰি আহিছে।"
Comments