Choose Language

  • All  
  • English
  • অসমীয়া
0
0
6555

বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিবলৈ এনেদৰে সেৱন কৰক ৰাজমা, জানক লাভালাভসমূহ


Published on October 20, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

আপোনাৰ সন্তানক দৈনিক এই বস্তুবোৰ খুৱাওক, মগজু দ্ৰুতগতিত চলিব লগতে স্মৃতিশক্তিও হৈ পৰিব শক্তিশালী


Published on October 19, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ১৯ অক্টোবৰঃ শিশুৰ বিকাশ সদায় তেওঁলোকৰ খাদ্যৰ ওপৰত নিৰ্ভৰ কৰে। শাৰীৰিক বিকাশ হওঁক অথবা মানসিক বিকাশ হওঁক, স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে এক স্বাস্থ্যকৰ আহাৰে কেৱল আপোনাৰ সন্তানক স্বাস্থ্যৱান কৰি ৰখাই নহয়, বৰঞ্চ তেওঁলোকৰ মগজুৰ বিকাশ কৰিব।  সঠিক খাদ্যই শিশুৰ স্মৃতিশক্তি, একাগ্ৰতা আৰু মগজুৰ কাৰ্যক্ষমতা উন্নত কৰাত সহায় কৰে। শিশুৱে অত্যাধিক হাৰত পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। 

শিশুৰ মগজু তীক্ষ্ণ কৰি তুলিবলৈ এই খাদ্যবস্তুবোৰ খুৱাওক। 

১. সেউজীয়া শাক-পাচলি

মগজু বৃদ্ধি কৰিবলৈ সেউজীয়া পাচলি খোৱাটো অতিকৈ প্ৰয়োজনীয়।  সেউজীয়া শাক-পাচলিত এণ্টিঅক্সিডেণ্ট থাকে যি মস্তিষ্কৰ কোষবোৰ স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে। আপুনি শিশুৰ আহাৰত বিলাহী, মিঠা আলু, ৰঙালাও, গাজৰ বা পালেং শাক আদি অন্তৰ্ভুক্ত কৰিব পাৰে।

২. মগজু বৃদ্ধি কৰিবলৈ ওটচ খুৱাওক 

ওটচ হৈছে মস্তিষ্কৰ শক্তি বৃদ্ধি কৰাৰ এক ভাল উৎস। ইয়াত অধক পৰিমাণত আঁহ থাকে, যি শিশুৰ পাচন প্ৰক্ৰিয়া সুস্থিৰ কৰি ৰাখে আৰু তেওঁলোকক ফাষ্টফুড খোৱাৰ পৰা আঁতৰাই ৰাখে। ওটচত ভিটামিন ই, বি কমপ্লেক্স আৰু জিংক আদি অধিক পৰিমাণত পোৱা যায়। যি শিশুৰ মগজুক সৰ্বশ্ৰেষ্ঠ উপায়েৰে কাম কৰাত সহায় কৰে। 

৩. মগজু তীক্ষ্ণ কৰিবলৈ কণী

কণী শিশুৰ স্বাস্থ্যৰ বাবেও অতিকৈ উপকাৰী। কিয়নো কণীত অধিক হাৰত প্ৰ'টিন পোৱা যায়। ইয়াত চোলিন নামৰ উপাদান থাকে, যি স্মৃতিশক্তি বিকাশত সহায় কৰে।

৪. মগজু বৃদ্ধি কৰিবলৈ মাছ খুৱাওক

তেলেতীয়া মাছত অমেগা-৩ ফেটি এচিড অধিক থাকে। ই মস্তিষ্কৰ বিকাশ আৰু স্বাস্থ্যৰ বাবে উপকাৰী। কোষ গঠনৰ বাবে অমেগা-৩ ফেটি এচিড অত্যাৱশ্যকীয়। আপুনি আহাৰত চালমন, মেকেৰেল, টুনা, ট্ৰাউট, চাৰ্ডিন আৰু হেৰিং আদি সাগৰীয় মাছ অন্তৰ্ভুক্ত কৰিব পাৰে।

৫. মগজু বৃদ্ধি কৰিবলৈ গাখীৰ আৰু চীজ খুৱাওক

গাখীৰ, দৈ আৰু চীজ মস্তিষ্কৰ স্বাস্থ্যৰ বাবে উপকাৰী। এইবোৰ সামগ্রীত অধিক পৰিমাণৰ প্ৰ'টিন আৰু বি ভিটামিন থাকে, যিবোৰ মস্তিষ্কৰ কোষ, নিউৰোট্ৰেন্সমিটাৰ আৰু এনজাইমৰ বিকাশৰ বাবে অত্যাৱশ্যকীয়। এই সকলোবোৰে মগজুত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

 

বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।


Published on January 1, 1970|News Source :
Cartoon
View Older

 

December 7, 2021


Entertainment
View Older

North-East
View Older

From Our Archive

Create Account