গুৱাহাটী, ২০ অক্টোবৰঃ বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজক সোমবাৰে পুনৰ প্ৰৱৰ্তন সঞ্চালকালয়লৈ (ইডি) মাতি পঠোৱা হৈছিল, যাতে প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে ২০০ কোটি টকাৰ অবৈধ ধন বৈধ কৰা গোচৰৰ তদন্ত সুচাৰুৰূপে তদন্ত হয়। ইয়াৰ লগতে অভিনেত্ৰী নোৰা ফাতেহীকো একেটা গোচৰত ১৪ অক্টোবৰত ইতিয়ে সোধা-পোছা কৰিবলৈ মাতি পঠিয়াইছিল।
শেহতীয়াকৈ, এই ঘটনা সম্পৰ্কীয় আৰু বহুতো গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। খবৰ অনুসৰি তিহাৰ কাৰাগাৰত বন্দী হৈ থকা প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰে বলীউড অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজক এখন বিলাসী গাড়ী উপহাৰ দিছিল। কেৱল সেয়াই নহয়, সূত্ৰটোৰ পৰা এইটোও জানিব পৰা গৈছিল যে প্ৰৱঞ্চক সুকেশে নোৰা ফাতেহীকো এখন বিলাসী গাড়ী উপহাৰ দিছিল।
লগতে সুকেশে দুয়োগৰাকী অভিনেত্ৰীৰ বাবে বিলাসী বাসগৃহ উপহাৰ দিয়াৰ প্ৰস্তুতি চলাই আছিল। সেই পৰিপ্ৰেক্ষিতত দুয়োগৰাকী অভিনেত্ৰীক ইডিয়ে সোধা-পোছাৰ বাবে মাতি অনা হৈছিল।
সুকেশ চন্দ্ৰশেখৰক চলিত বৰ্ষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। য'ত সুকেশৰ বিৰুদ্ধে কাৰাগাৰৰ ভিতৰত অবৈধ ২০০ কোটি টকা বৈধ কৰাৰ এক বৃহৎ কেলেংকাৰিৰ অভিযোগ উত্থাপিত হৈছিল।
Comments