গুৱাহাটী,২১ অক্টোবৰ:অসম বিধানসভাৰ উপ-নিৰ্বাচনৰ দিন চাপি অহাৰ সমান্তৰালকৈ তীব্ৰ বাক যুদ্ধই দেখা দিছে শাসক-বিৰোধীৰ শিবিৰত।৩০ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ’ব উপ–নিৰ্বাচন।গোসাঁইগাঁও,ভৱানীপুৰ,তামুলপুৰ,মৰিয়নী আৰু থাওৰা সমষ্টিত অনুষ্ঠিত হ’ব এই উপ-নিৰ্বাচন।
অনাগত অসম বিধানসভাৰ উপ-নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰ আৰু সঞ্জীৱ গগৈক ৰাইজে নিৰ্বাচিত কৰিলে বিধান সভাত কঁপিব লাগিব হিমন্ত বিশ্ব শৰ্মা ৷ এই মন্তব্যৰে মৰিয়নি সমষ্টিৰ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি হুংকাৰ প্ৰদান কৰে বিধায়ক অখিল গগৈয়ে । লগতে ৰূপজ্যোতি কুৰ্মীক শিয়াল, প্ৰতাৰক, বিশ্বাসঘাতক আখ্যা দিলে অখিল গগৈয়ে ৷ অসমীয়াৰ স্বাৰ্থত ৰাইজৰ দলে সদায় কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে অখিলে ।
তদুপৰি তেওঁ কয়, কংগ্ৰেছ এতিয়া বিজেপিৰ বি টীম ৷ থাওৰা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীৰ নিৰ্বাচনী ব্যয় বিজেপিয়ে বহন কৰাৰ লগতে মৰিয়নীতো বিজেপিৰ প্ৰাৰ্থী গৰাকীক জয় কৰাৰ স্বাৰ্থত কংগ্ৰেছে দুৰ্বল প্ৰাৰ্থী প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে ৷
Comments