গুৱাহাটী,২০ অক্টোবৰ:কেৱল অশ্লীল ভিডিঅ’ চাবলৈ অমান্তি হোৱাৰ বাবেই কলিয়াবৰত এগৰাকী কিশোৰীক তিনি কিশোৰে নিৰ্মমভাৱে হত্যা কৰি পেলাই থৈছিল এটি শিলভঙা উদ্যোগৰ শৌচাগাৰত ৷
তিনি কিশোৰে দীৰ্ঘদিনৰে পৰা ম’বাইলত অশ্লীল ভিডিঅ’ চাই কিশোৰী গৰাকীক মানসিক অশান্তি দি আহিছে ৷ কাতি বিহুৰ দিনা সিহঁত তিনিও কিশোৰীগৰাকীক সেই ভিডিঅ’ চাবলৈ জোৰ কৰে ৷ কিন্তু কিশোৰী গৰাকীয়ে ভিডিঅ’ চাবলৈ অমান্তি হয় ৷ যাৰ বাবে তিনি কিশোৰে মিলি ৬ বছৰীয়া কিশোৰীগৰাকীক হত্যা কৰাৰ তথ্য পোহৰলৈ আহিছে নগাঁও আৰক্ষীৰ তদন্তত ৷ নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ তৎপৰাত কলিয়াবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ বৰুৱাৰ নেতৃত্বত আৰক্ষীয়ে হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আনিবলৈ সক্ষম হৈছে ৷ ইতিমধ্যে অভিযুক্ত তিনিও কিশোৰক কৰায়ত্ত কৰিছে আৰক্ষীয়ে ৷
অভিযুক্ত কিশোৰ কেইজনৰ বয়স ৫ ৰ পৰা ১১ বছৰৰ ভিতৰত বুলি জানিব পৰা গৈছে ৷ঘটনা সন্দৰ্ভত অভিযুক্ত এজন কিশোৰৰ পিতৃকো গ্ৰেপ্তাৰ কৰা বুলি জনায় আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই৷
হত্যাকাণ্ড সন্দৰ্ভত অৱগত হৈয়ো লুকুৱাই ৰখাৰ চেষ্টা কৰিছিল অভিযুক্তৰ পিতৃয়ে। ইয়াৰ উপৰিও তিনিও কিশোৰে পৰ্ণ’গ্ৰাফিক ভিডিঅ’ চোৱা ম’বাইল ফোনটো জব্দ কৰাৰ কথাও জানিবলৈ দিয়ে নগাঁও জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ সম্প্ৰতি তিনিও কিশোৰকে পুনৰ সংস্থাপন ন্যায়ালয়ৰ বিশেষ তদাৰক কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে ৷
Comments