গুৱাহাটী,২১ অক্টোবৰ:অসম বিধানসভাৰ উপ-নিৰ্বাচনৰ দিন চাপি অহাৰ সমান্তৰালকৈ তীব্ৰ বাক যুদ্ধই দেখা দিছে শাসক-বিৰোধীৰ শিবিৰত।৩০ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ’ব উপ–নিৰ্বাচন।গোসাঁইগাঁও,ভৱানীপুৰ,তামুলপুৰ,মৰিয়নী আৰু থাওৰা সমষ্টিত অনুষ্ঠিত হ’ব এই উপ-নিৰ্বাচন।
থাওৰাত নিবাৰ্চনী প্ৰচাৰ চলাই ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে আক্ৰমণৰ লক্ষ্য কৰি লয় অখিল গগৈক । প্ৰশান্ত ফুকনে কয়, অখিল গগৈ তিনি মিনিটৰ বিধায়ক । ৰাইজে বিধানসভাত তিনি মিনিট কথা ক'বলৈ পোৱা বিধায়কক কেতিয়াও ভোট নিদিয়ে । থাওৰাৰ ৰাইজে ইতিমধ্যে চৰকাৰৰ লগত থকাৰ সিদ্ধান্ত লৈছে । লগতে সুশান্ত বৰগোহাঁই ৬০ হাজাৰ ভোটত জয় হ'ব বুলি কয় বিধায়ক গৰাকীয়ে।
ইফালে অখিল গগৈয়ে কয়, কংগ্ৰেছ এতিয়া বিজেপিৰ বি টীম ৷ থাওৰা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীৰ নিৰ্বাচনী ব্যয় বিজেপিয়ে বহন কৰাৰ লগতে মৰিয়নীতো বিজেপিৰ প্ৰাৰ্থী গৰাকীক জয় কৰাৰ স্বাৰ্থত কংগ্ৰেছে দুৰ্বল প্ৰাৰ্থী প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে ৷
Comments