গুৱাহাটী, ২১ অক্টোবৰঃ মস্কোত ভাৰত আৰু তালিবানৰ মাজত হোৱা আলোচনাত ভাৰতে আফগানিস্তানলৈ সহায়ৰ হাত আগবঢ়াইছে। বৈঠকখন তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে নিশ্চিত কৰিছিল, আনহাতে এই সন্দৰ্ভত এতিয়ালৈকে ভাৰতৰ দ্বাৰা কোনো আনুষ্ঠানিক বিবৃতি জাৰি কৰা হোৱা নাই। এজন আফগানিস্তানৰ মুখপাত্ৰই কৈছিল যে, "আফগানিস্তানৰ অন্তৱৰ্তীকালীন চৰকাৰৰ উপ-প্ৰধানমন্ত্ৰী আব্দুল ছালাম হানফিৰ নেতৃত্বত তালিবানৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে মস্কোত এটা ভাৰতীয় প্ৰতিনিধি দলক সাক্ষাৎ কৰে। এই সময়ছোৱাতে ভাৰতে আফগানিস্তানক সহায় কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল।"
দৰাচলতে, ভাৰতীয় প্ৰতিনিধি দলটোৱে ৰাছিয়াৰ আমন্ত্ৰণত মস্কো ফৰ্মেটত অংশগ্ৰহণ কৰিবলৈ গৈছিল। মস্কোৰ এই বৈঠকত তালিবানও অন্তৰ্ভুক্ত আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পাকিস্তান-আফগানিস্তান-ইৰাণ বিভাগৰ যুটীয়া সচিব জে পি সিঙৰ নেতৃত্বত ভাৰতীয় প্ৰতিনিধি দলটোৱে তালিবানৰ সৈতে কথা পাতিছিল। এই আলোচনা মস্কোত অনুষ্ঠিত বৈঠকৰ বাহিৰত হৈছিল আৰু তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে দুয়োখন দেশৰ প্ৰতিনিধিৰ মাজত হোৱা আলোচনাৰ বিষয়ে অৱগত কৰি এক চমু বিবৃতি জাৰি কৰিছিল।
তালিবানৰ সৈতে ভাৰতৰ প্ৰথম আনুষ্ঠানিক সম্পৰ্ক ৩১ আগষ্টত দোহাত হৈছিল। অৱশ্যে, যোৱা মাহত তালিবানে অন্তৱৰ্তীকালীন কেবিনেট ঘোষণা কৰাৰ পিছত এইটো দুয়োপক্ষৰ মাজত প্ৰথম আনুষ্ঠানিক সম্পৰ্ক আছিল।
ইয়াৰ পূৰ্বেও, ভাৰত চৰকাৰে আফগানিস্তানলৈ ৫০,০০০ মেট্ৰিক টন ঘেঁহু আৰু ঔষধ প্ৰদান কৰাৰ বিকল্পৰ বিষয়ে বিবেচনা কৰি আছে বুলি জানিব পৰা গৈছে। ইয়াৰ বাবে কোনো সঠিক প্ৰক্ৰিয়া উপলব্ধ নোহোৱাৰ বাবে, এই সহায়খিনি আফগানিস্তানৰ লোকসকলৰ ওচৰ পাবলৈ সক্ষম যোৱা নাছিল। কিন্তু এতিয়া দুয়োখন দেশৰ প্ৰতিনিধিৰ মাজত হোৱা আলোচনাই আফগানিস্তানৰ জনসাধাৰণক মানৱীয় সহায়ৰ পথ প্ৰশস্ত কৰিব পাৰে।
Comments