Choose Language

  • All  
  • English
  • অসমীয়া

আমলখিৰে বৃদ্ধি কৰক আপোনাৰ দৃষ্টিশক্তি, জানক সেৱন কৰাৰ পদ্ধতিসমূহ


Published on October 21, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিবলৈ এনেদৰে সেৱন কৰক ৰাজমা, জানক লাভালাভসমূহ


Published on October 20, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ২০ অক্টোবৰঃ ৰাজমা ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত খাদ্য হিচাপে গ্ৰহণ কৰা হয়। ই সোৱাদত উৎকৃষ্ট হোৱাৰ লগতে স্বাস্থ্যৰ ক্ষেত্ৰতো বহুটো লাভালাভ প্ৰদান কৰে। ৰাজমাত যথেষ্ট পৰিমাণৰ এণ্টিঅক্সিডেণ্ট, আঁহ, আইৰণ, ফছফৰাছ, মেগনেছিয়াম, ছডিয়াম আৰু স্বাস্থ্যৰ বাবে অত্যাৱশ্যকীয় বহুতো পুষ্টিকৰ উপাদান থাকে।

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে যিসকল লোকে ওজন হ্ৰাস কৰিব বিচাৰে তেওঁলোকৰ বাবে ৰাজমা এটা ভাল বিকল্প। লগতে ৰাজমাত এণ্টিঅক্সিডেণ্ট আৰু প্ৰদাহ-প্ৰতিৰোধী উপাদান থাকে যি কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰাত সহায় কৰিব পাৰে। 

যদি আপুনি নিৰামিষ আহাৰ খাই ভাল পাই, তেন্তে প্ৰ'টিনৰ অভাৱ পূৰণ কৰাৰ বাবে ৰাজমাহ আপোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ বিকল্প। ইয়াৰ নিয়মীয়া গ্ৰহণৰ ফলত শৰীৰত প্ৰ'টিনৰ অভাৱ দূৰ হয়।  এক গৱেষণা অনুসৰি, ১০০ গ্ৰাম ৰাজমাত প্ৰায় ২৫ গ্ৰাম প্ৰ'টিন থাকে আৰু যেতিয়া ৰাজমা চাউলৰ সৈতে মিহলি কৰা খোৱা হয়, ই এক সম্পূৰ্ণ প্ৰ'টিনৰ উৎস হৈ পৰে। ৰাজমা হৈছে প্ৰ'টিনৰ লগতে আঁহৰ এক ভাল উৎস, যাক খোৱাৰ পিছত দীঘলীয়া সময়ৰ বাবে পেট ভৰ্তি হৈ থাকে আৰু দীঘলীয়া সময়ৰ বাবে ভোক নালাগে।

ৰাজমা খোৱাৰ লাভলাভসমূহঃ

১. মগজুৰ বাবে উপকাৰী

ৰাজমা খোৱাটোৱে মগজুক বহুত লাভান্বিত কৰে। ইয়াত পৰ্যাপ্ত ভিটামিন কে থাকে। যি স্নায়ুতন্ত্ৰৰ বাবে অতিকৈ ভাল। ই ভিটামিন বি-ৰ এক ভাল উৎস, যি মস্তিষ্কৰ কোষৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ।

২. হজম শক্তি উন্নত কৰে

ৰাজমা খালে হজম শক্তি উন্নত কৰি ৰাখে। ৰাজমাহত যথেষ্ট পৰিমাণৰ আঁহ থাকে। যি হজম প্ৰক্ৰিয়াক সঠিকভাৱে চলাই নিয়াত সহায় কৰিব পাৰে। ই ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাতো সহায় কৰিব পাৰে। 

৩. মধুমেহ ৰোগীৰ বাবে উপকাৰী

প্ৰ'টিন, আঁহ আৰু কাৰ্বোহাইড্ৰেট সমৃদ্ধ ৰাজমাহে ৰক্ত শৰ্কৰাৰ স্তৰ সঠিক পৰিমাণত ৰখাত সহায় কৰে। ৰাজমা খোৱাৰ পিছত ৰক্ত শৰ্কৰাৰ স্তৰ দ্ৰুতগতিত বৃদ্ধি নহয় আৰু ই ৰক্ত শৰ্কৰাও নিয়ন্ত্ৰণ কৰে।

৪. কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে

ৰাজমা মেগনেছিয়াম সমৃদ্ধ, যি হৃদযন্ত্ৰ, স্বাস্থ্য আৰু হাড়ৰ বাবে উপকাৰী। ৰাজমা সেৱনৰ দ্বাৰা কলেষ্টেৰলৰ স্তৰ নিয়ন্ত্ৰণ কৰিব পাৰি। ৰাজমাই ভাল কলেষ্টেৰল তৈয়াৰ কৰাতো সহায় কৰিব পাৰে। 

ৰাজমা খোৱাৰ সঠিক সময়ঃ

ৰাজমা খোৱাৰ এটা গুৰুত্বপূৰ্ণ কথা মনত ৰখা উচিত যে, ইয়াক যিকোনো সময়ত খাব নালাগে। বিশেষকৈ ইয়াক ৰাতি সেৱন কৰাটো অনুচিত। দুপৰীয়াৰ আহাৰত সদায় ৰাজমা খাব পাৰে। ৰাতি ইয়াক সেৱন নকৰাৰ কাৰণ হৈছে ৰাজমা হৈছে এক গৰম খাদ্য, যাক হজম কৰিবলৈ অধিক পৰিশ্ৰম কৰিব লগীয়া হয়। সেয়েহে ইয়াক দুপৰীয়া খোৱাটো সৰ্বশ্ৰেষ্ঠ।
 

বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।


Published on January 1, 1970|News Source :
Cartoon
View Older

 

January 29, 2022


Entertainment
View Older


From Our Archive

Create Account