Choose Language

  • All  
  • English
  • অসমীয়া

বলীউড অভিনেত্ৰী অনন্যা পাণ্ডেৰ ঘৰত অভিযান এন চি বিৰ


Published on October 21, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

শ্বাহৰুখে কাৰাগাৰত ১৫ মিনিটৰ সময়সীমাত আৰিয়ানৰ সৈতে পাতিলে কিছু বিশেষ কথা


Published on October 21, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ২১ অক্টোবৰঃ শ্বাহৰুখ খানে মুম্বাই ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা পুত্ৰ আৰিয়ান খানক লগ কৰিবলৈ আৰ্থাৰ ৰোড কাৰাগাৰত উপস্থিত হৈছিল। অক্টোবৰত ড্ৰাগছৰ গোচৰত আৰিয়ান খানক গ্ৰেপ্তাৰ কৰাৰ পিছত শ্বাহৰুখ খানক প্ৰথমবাৰৰ বাবে দেখা গৈছে। শ্বাহৰুখ খানক আৰ্থাৰ ৰোড কাৰাগাৰৰ বাহিৰত দেখা গৈছিল। মেনেজাৰ পূজা দাদলানিৰ লগতে শ্বাহৰুখ খানও কাৰাগাৰৰ ভিতৰলৈ গৈছিল। 

কাৰাগাৰ অধীক্ষকৰ মতে, যেতিয়া শ্বাহৰুখে কাৰাগাৰত প্ৰৱেশ কৰিছিল, প্ৰথমে তেওঁৰ আধাৰ কাৰ্ড আৰু অন্যান্য কাগজ-পত্ৰ নিৰীক্ষণ কৰা হৈছিল আৰু তাৰ পিছত এটা টোকেন প্ৰদান কৰি ভিতৰলৈ যাবলৈ দিয়া হৈছিল। আৰিয়ান আৰু শ্বাহৰুখে ১৫-২০ মিনিটৰ বাবে বাৰ্তালাপ কৰিছিল। বাৰ্তালাপ কৰাৰ সময়ত দুয়োৰে মাজত এখন কাঁচৰ বেৰ আছিল আৰু দুয়োফালে মাইক সংলগ্ন হৈ আছিল। শ্বাহৰুখে আৰিয়ানক এজন সাধাৰণ অভিযুক্তৰ পৰিয়ালৰ দৰেই লগ কৰিবলৈ সুবিধা পাইছিল। শ্বাহৰুখক কোনো বিশেষ সুবিধা প্ৰদান কৰা হোৱা নাছিল।

ইপিনে বাৰ্তালাপ শেষ হোৱাৰ পিছত শ্বাহৰুখ নিজেই বাহিৰলৈ ওলাই আহিছিল। শ্বাহৰুখ আৰু আৰিয়ান কাৰাগাৰৰ মূল গেটৰ ওচৰৰ এটা ভিজিটিং ৰুমত লগ হৈছিল। শ্বাহৰুখক দেখি আৰিয়ান অতি আৱেগিক হৈ পৰিছিল, শ্বাহৰুখ খানে তেওঁৰ আৱেগ নিয়ন্ত্ৰণ কৰিছিল কিন্তু তেওঁক গুৰুতৰভাৱে দুঃখিত যেন দেখা গৈছিল। শ্বাহৰুখ-আৰিয়ানৰ কাৰাগাৰৰ বৈঠকত এজন উপ-কাৰাগাৰ অধীক্ষক সহ জন কাৰাগাৰ বিষয়া উপস্থিত আছিল। 

ইপিনে, শ্বাহৰুখক বান্ধি দিয়া ১৫ মিনিটৰ সময়সীমা ভিতৰত বলীউড অভিনেতা গৰাকীয়ে আৰিয়ানক কৈছিল যে, "জামিনৰ ব্যৱস্থা সোনকালে কৰা হ'ব, বৰ্তমান তোমাৰ বিষয়টো উচ্চ ন্যায়ালয়ত আছে, সকলোবোৰ ঠিক হৈ যাব।"
 

Cartoon
View Older

 

July 4, 2022


Entertainment
View Older


From Our Archive

Create Account