Classifieds
View All
গুৱাহাটী, ২৩ অক্টোবৰঃ আফগানিস্তানত বাস কৰা শিখসকলৰ অৱস্থা দিনক দিনে বেয়া অৱস্থালৈ গৈ আছে। বৰ্তমান তেওঁলোকৰ ওচৰত প্ৰায় মাত্ৰ দুটা বিকল্প বাকী আছে, হয় ইছলাম ধৰ্ম গ্ৰহণ কৰক নাইবা দেশ এৰি যাওক। তালিবানে এই বিকল্প আন্তৰ্জাতিক অধিকাৰ আৰু সুৰক্ষা মঞ্চৰ প্ৰতিবেদনত উল্লেখ কৰিছিল। আফগানিস্তানৰ আশ্ৰাফ ঘানি চৰকাৰৰ সময়ত, শিখসকলৰ অৱস্থা সিমান ভাল নাছিল, কিন্তু এতিয়া পৰিস্থিতিৰ আৰু অধিক অৱনতি হৈছে।
মৌলবাদীসকলে স্পষ্ট কৰি দিছে যে, "হয় শিখসকলে ইছলাম ধৰ্ম লৈ মুছলমান হওক, নাইবা দেশ এৰি গুচি যাওক"।
আফগানিস্তানত শিখ ধৰ্মীয় লোকৰ সংখ্যা হাজাৰজনৰ পৰা লাহে লাহে হ্ৰাস পাই আহিছে। কিয়নো শিখসকলে আফগানিস্তানত প্ৰায়ে বৈষম্যৰ সন্মুখীন হোৱাৰ লগতে ধৰ্মীয় হিংসাৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে।
Comments