গুৱাহাটী, ২৩ অক্টোবৰঃ আপুনি নহৰু খোৱাৰ লাভালাভবোৰ জানে, কিন্তু আপুনি কেতিয়াবা ক'লা নহৰু খাই পাইছেনে? ক'লা নহৰুৰ বহুটো লাভালাভ আছে। যদিহে আপুনি নহৰু খাবলৈ ভাল পায়, এবাৰ ক'লা নহৰু খাবলৈ চেষ্টা কৰক। ক'লা নহৰু হৈছে সাধাৰণ বগা নহৰুৰে এক অংশ। ইয়াক কিণ্বন (Fermented) কৰি প্ৰস্তুত কৰা হয়। ইয়াৰ সোৱাদ তীক্ষ্ণতা কম হয়, কিন্তু অধিক পুষ্টিৰে সমৃদ্ধ হয়। পুষ্টিবিদসকলৰ মতে, নহৰু কিণ্বন কৰিলে ইয়াৰ পুষ্টি বৃদ্ধি হয় আৰু শৰীৰেও ইয়াক ভালদৰে শোষণ কৰিব পাৰে।
যদিও কিণ্বনে নহৰুৰ শক্তিশালী গোন্ধ আৰু ইয়াৰ আগৰ সোৱাদ নাইকিয়া কৰে, ইয়াৰ লগে লগে চৰ্বি আৰু কাৰ্বোহাইড্ৰেটৰ পৰিমাণো বৃদ্ধি কৰে। দৈনিক নহৰু খোৱাটোৱে আপোনাক বিভিন্ন ধৰণৰ সংক্ৰমণ ৰোগ যেনে, পানী লগা জ্বৰ, চৰ্দি আদিৰ পৰা সুৰক্ষিত কৰি ৰাখে। ক'লা নহৰুত থকা পুষ্টিয়ে আপোনাক সাধাৰণ নহৰুৰ সমানে লাভান্বিত কৰে। ইয়াত উদ্ভৱ হোৱা জৈৱিক প্ৰক্ৰিয়াই ভাল বেক্টেৰিয়া বৃদ্ধি কৰে আৰু শৰীৰৰ পৰা বেয়া বেক্টেৰিয়া উলিয়াই অনাত সহায় কৰে। ই শ্বাসতন্ত্ৰকো শক্তিশালী কৰি তোলে।
সাধাৰণতে আমি খোৱা নহৰুৰ তুলনাত কিণ্বিত নহৰুত জৈৱসক্ৰিয়তা অধিক বৃদ্ধি হয়। ক'লা নহৰুত পোৱা জৈৱসক্ৰিয় উপাদানবোৰে শৰীৰৰ কাৰ্যক্ষমতা উন্নত কৰে। বহুতো অধ্যয়নে প্ৰকাশ কৰিছে যে, ক'লা নহৰু খোৱাৰ ফলত স্বাস্থ্য অধিক লাভান্বিত হয়। ইয়াত এণ্টিঅক্সিডেণ্ট গুণ আছে। ইয়াত এণ্টি-এলাৰ্জিক, এণ্টি-ডায়েবেটিচ, এণ্টি-ইনফ্লেমেটৰী আৰু এণ্টি-কাৰ্চিনোজেনিক গুণাগুণো পোৱা যায়।
ক'লা নহৰু কিণ্বন (Fermented) কৰাৰ পদ্ধতিসমূহঃ
১. প্ৰথমে কিছুমান নহৰুৰ কলি উলিয়াই লওক।
২. এতিয়া সেইবোৰ পৰিষ্কাৰ পাত্ৰত ৰাখক।
৩. তাৰ পিছত ইয়াত পানী, নিমখ আৰু আপুনি ভাল পোৱা বনৌষধি উদ্ভিদ যোগ দিয়ক।
৪. ইয়াক ঠাণ্ডা ঠাইত ৰাখক।
৫. ইয়াক কমেও ৩ ৰ পৰা ৬ সপ্তাহৰ বাবে একে তাপমাত্ৰাত ৰাখিব।
৬. আপুনি ইয়াক ভিনেগাৰ মিহলাই কিণ্বন (Ferment) কৰিব পাৰে।
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।
Comments