গুৱাহাটী, ২৩ অক্টোবৰঃ ৰাজস্থানত এগৰাকী সাত বছৰীয়া কিশোৰীক বলাৎকাৰ কৰি হত্যা কৰা অভিযুক্ত জনক অপৰাধ কাণ্ড সংঘটিত কৰাৰ ২৪ দিনৰ ভিতৰত মৃত্যুদণ্ড দিয়া হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত্যুদণ্ড দিয়া অভিযুক্ত জনৰ নাম দিনেশ জাটক বুলি জানিব পৰা গৈছে।
আৰক্ষী প্ৰধান এম এল লথাৰে উক্ত বিষয় সন্দৰ্ভত কৈছিল যে, "অপৰাধটো ২০ ছেপ্টেম্বৰ তাৰিখে সংঘটিত হৈছিল, যেতিয়া অভিযুক্তজনে নাবালিকা গৰাকীক উপহাৰ দিয়াৰ প্ৰলোভন দি ঘৰৰ পৰা লৈ গৈছিল।" ইপিনে, ভুক্তভোগীৰ দেউতাকৰ দ্বাৰা দাখিল কৰা অভিযোগৰ পৰিপ্ৰেক্ষিতত তাৎক্ষণিকভাৱে অভিযান আৰম্ভ হৈছিল আৰু ছোৱালীজনীৰ মৃতদেহ এখন পথাৰত লুকুৱাই থোৱা অৱস্থাত পোৱা গৈছিল।
তাৰ পিছত, ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা প্ৰমাণৰ ভিত্তিত আৰক্ষীৰ এটা বিশেষ দলে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিছিল আৰু ছয় দিনৰ ভিতৰত তেওঁক মেৰ্টা চহৰৰ পকচো (POCSO) আদালতত হাজিৰ কৰোৱা হৈছিল। আজমীৰ ৰেঞ্জ আইজিৰ স্পিক আপ অভিযানৰ অধীনত গোচৰটো বাছনি কৰা হৈছিল আৰু ২৮ ছেপ্টেম্বৰত বিচাৰ আৰম্ভ হৈছিল। প্ৰতিদিনে সাক্ষীসকলক মাতি অনা হৈছিল আৰু অৱশেষত ২১ অক্টোবৰত, দিনেশক অপৰাধৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল আৰু শুক্ৰবাৰে তেওঁক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয়।
Comments